/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0c10133b-068b-4055-b9b2-c440277943ee/7.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীত সীমান্তত চলিছে এক বৌদ্ধিক আন্দোলনৰ কছৰৎ। নগা অসমীয়াৰ সংঘাটৰ বিপৰীতে গ্ৰন্থ মেলাৰ অনুষ্ঠানেৰে সুকীয়া পৰিৱেশ গঢ়ি উঠিছে মেৰাপানীত। একেদিনাই বিভিন্ন লিখকৰ ১২ খনকৈ গ্ৰন্থ উন্মোচন কৰে প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই।
উল্লেখ্য যে পঢ়নৰ পৰাই এখন সুস্থ বৌদ্ধিক সমাজ গঢ়াৰ লক্ষ্য উদ্দেশ্যৰে ৭ অক্টোবৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মেৰাপানী ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হোৱা মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত একেলগে ১২ খনকৈ গ্ৰন্থ উন্মোচন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই। দৈয়াং শাখা সাহিত্য সভাৰ উদ্যোগত মেৰাপানী টাউন ক্লাৱ, বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাৰ দ্বিতীয় দিনাৰ গ্ৰন্থ উন্মোচনী সভাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দৈয়াঙৰ স্থানীয় লিখক সকলে লিখা গ্ৰন্থ সমূহ উন্মোচন কৰা হয়।
উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিতুমনি শইকীয়াই কয় যে, মেৰাপানী সীমান্তত এক বৌদ্ধিক বিপ্লৱৰ সূচনা হৈছে। সততে নগা-অসমীয়াৰ সংঘাতৰ বাতৰিয়ে শিৰোণাম দখল কৰাৰ বিপৰীতে উঠি অহা প্ৰজন্মৰ বৌদ্ধিক বিকাশৰ কাৰণে কছৰৎ আৰম্ভ হৈছে। শইকীয়াই মেৰাপানী গ্ৰন্থমেলাৰ পৰিৱেশ দেখি উৎফুল্লিত হৈ পৰাৰ লগতে ৰাইজক, ছাত্ৰ ছাত্ৰীক গ্ৰন্থ পঢ়াৰ আহ্বান জনায়।