পৰিভ্ৰমী পক্ষীৰে ভৰি পৰিছে কাজিৰঙাৰ নৈ-বিল : নয়নাভিৰাম দৃশ্য উপভোগ কৰিবলৈ খন্তেক ৰৈছে বাটৰুৱা

পৰিভ্ৰমী পক্ষীৰে ভৰি পৰিছে কাজিৰঙাৰ নৈ-বিল : নয়নাভিৰাম দৃশ্য উপভোগ কৰিবলৈ খন্তেক ৰৈছে বাটৰুৱা

author-image
Asomiya Pratidin
New Update
পৰিভ্ৰমী পক্ষীৰে ভৰি পৰিছে কাজিৰঙাৰ নৈ-বিল : নয়নাভিৰাম দৃশ্য উপভোগ কৰিবলৈ খন্তেক ৰৈছে বাটৰুৱা

ডিজিটেল সংবাদ,কাজিৰঙা : সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আলহী পক্ষীৰে ভৰি পৰিছে। কাজিৰঙাৰ নদী-বিলত দেখিবলৈ পোৱা গৈছে নয়নাভিৰাম দৃশ্য ৷ পূৰ্বৰ তুলনাত শীতৰ আগমনত কিছু কম পৰিমাণে কাজিৰঙালৈ আগমণ ঘটিছে পৰিভ্ৰমী পক্ষীৰ ৷ কাজিৰঙালৈ আগমণ ঘটা পৰিভ্ৰমী চৰাইৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰিবলৈ পথৰ কাষতে খন্তেক ৰৈছে বাটৰুৱা।

Advertisment

ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাশয় সমূহত দেখিবলৈ পোৱা গৈছে আলহি পক্ষীৰ পয়োভৰ।শীতৰ আগমনৰ লগে কাজিৰঙালৈ আহিছে আলহী পক্ষী ৷ ৰাচিয়া, নেদাৰলেণ্ড, ইউৰোপৰ উপৰি হিমালয়ৰ পাদদেশৰ পৰা অহা আলহী পক্ষীয়ে মনোমোহা ৰূপ দিছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷ নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত কাজিৰঙাত থিতাপি লোৱা এই আলহী পক্ষীসমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পক্ষী পৰ্যটনৰো সমল ৷

পূৰ্বতে নৱেম্বৰ মাহৰ প্ৰথমভাগৰ পৰাই আলহী পক্ষীৰ আগমন ঘটা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত এইবাৰ বৰ্তমানলৈকে কিছু কম পৰিমানেহে আহিছে আলহী পক্ষী ৷ বিশেষজ্ঞৰ মতে এয়া জলবায়ু পৰিবৰ্তনৰ এক কাৰণ ৷ শীত কালত কাজিৰঙালৈ অহা নানা ৰঙী পক্ষীৰ বিচৰণৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আহে দেশী বিদেশী পৰ্যটক ৷

আনহাতে বিগত দুটা বছৰত কাজিৰঙাত দেখিবলৈ পোৱা গৈছিল স্পোন বিল ডাক, পেইন্টেড স্টকৰ দৰে কিছু সংখ্যক ব্যতিক্ৰমী পক্ষীৰ আগমন ৷ চলিত বৰ্ষত বৰ্তমানলৈকে তেনে পক্ষীৰ আগমন পৰিলক্ষিত হোৱা নাই যদিও ডিচেম্বৰ মাহৰ পক্ষী নিৰীক্ষণৰ সময়তহে এই কথা নিশ্চিত কৰিব পৰা যাব ৷ ইফালে উদ্যানখনৰ পতাহী আৰু চহলা বিলৰ উপৰিও কেইবাটাও কৃত্ৰিমভাৱে নিৰ্মাণ কৰা জল সংৰক্ষণ প্ৰকল্পত দেখা পোৱা গৈছে পৰিভ্ৰমী পক্ষীৰ বিচৰণ ৷

Also Read: বিত্তীয় কেলেংকাৰীৰে নাম সাঙোৰ খোৱা সচিবক গ্ৰেপ্তাৰ

kaziranga national park