কাৰ্বি আংলঙত কাঠভৰ্টি ট্ৰাক জব্দ...

কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বিআংলঙৰ পৰা বিভিন্ন ঠাইলৈ অব্যাহত আছে চোৰাং কাঠৰ অবৈধ সৰবৰাহ ।
কাৰ্বি আংলঙত কাঠভৰ্টি ট্ৰাক জব্দ...

ডিজিটেল সংবাদ, গোলাঘাটঃ কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বিআংলঙৰ পৰা বিভিন্ন ঠাইলৈ অব্যাহত আছে চোৰাং কাঠৰ অবৈধ সৰবৰাহ । শুকুৰবাৰে নিশা বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ তহলদাৰী বনকৰ্মীৰ এটা দলে অভিযান চলাই জব্দ কৰে AS02E7906 নম্বৰৰ এখন কাঠভৰ্টি ট্ৰাক ।

পমা কাঠভৰ্টি ট্ৰাকখনে কাৰ্বিআংলঙৰ পৰা চোৰাংভাৱে কাঠখিনি নগাঁও অভিমুখে লৈ যোৱাৰ সময়তে কাঞ্চনজুৰী এলেকাত বন বিভাগৰ জালত পৰে । উল্লেখ্য যে বাগৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াই প্ৰকাশ কৰা অনুসৰি ট্ৰাকৰ চালক-হেণ্ডিমেনে পলায়ন কৰে ঘটনাস্থলীৰ পৰা । ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত চলাইছে বন বিভাগে।

কাৰ্বি আংলঙত কাঠভৰ্টি ট্ৰাক জব্দ...
আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, ৯৯৮ গৰাকী ভোটাৰৰ অংশগ্ৰহণ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in