কাজিৰঙাত অধিকাংশ গ্ৰাম্যপথৰ দুৰৱস্থাঃ ৰাইজে পথসমূহৰ নামাকৰণ কৰিলে "আধা ৰাস্তা"

কাজিৰঙাত অধিকাংশ গ্ৰাম্যপথৰ দুৰৱস্থাঃ ৰাইজে পথসমূহৰ নামাকৰণ কৰিলে "আধা ৰাস্তা"

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত অধিকাংশ গ্ৰাম্যপথৰ দুৰৱস্থাঃ ৰাইজে পথসমূহৰ নামাকৰণ কৰিলে "আধা ৰাস্তা"

ডিজিটেল সংবাদ, কাজিৰঙাঃ "বাহিৰে ৰঙচং ভিতৰে কোৱাভাতুৰী"-এই কথাষাৰে যেন আখৰে আখৰে প্ৰযোজ্য হোৱা পৰিলক্ষিত হৈছে। কিয়নো কাজিৰঙা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অধিকাংশ গ্ৰাম্যপথৰে এতিয়া পয়ালগা ছবি। এনে পথসমূহে প্ৰতিদিনে জীয়াতু ভোগাইছে অঞ্চলটোৰ সাধাৰণ ৰাইজক। স্থানীয় ৰাইজে "আধা ৰাস্তা" নামেৰে নামাকৰণ কৰিব বিচৰা এই পথসমূহৰ ৰাষ্ট্ৰীয়পথৰ পৰা ৫০ ৰ পৰা ১০০ মিটাৰ দৈৰ্ঘ চিচি ব্লক বহুৱাই নিৰ্মান কৰা হ’ল সুন্দৰকৈ। গতিকে প্ৰথমে দেখা পোৱা যায় এটা সুন্দৰ পথ।

Advertisment

কিন্তু ভিতৰৰ ফালে তেনেই তথৈবচ অৱস্থা। কাৰণ পথৰ নামত পেলাই থোৱা শিলবোৰ আঁতৰি সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ বিজেপি চৰকাৰৰ কাৰ্যকালত বিগত বৰ্ষতে নিৰ্মাণৰ আঁচনিভুক্ত হোৱা পথসমূহ আজিও সম্পূৰ্ণ হৈ নুঠিল। অসম্পূৰ্ণ এই পথসমূহক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকশ কৰিছে স্থানীয় ৰাইজে। আনকি পৰ্যটনৰ সময়ত গ্ৰামাঞ্চলত থকা পৰ্যটক নিবাসসমূহলৈ অহা দেশী-বিদেশী পৰ্যটকৰ আগতো লজ্জাৰ সন্মুখীন হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। শীঘ্ৰে অৰ্ধনিৰ্মিত পথসমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে৷

Also Read: জনসংযোগ বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত 'দেশভক্তি দিৱস'

assam pwd kaziranga