কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনা : থিতাতে নিহত এজন

কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনা : থিতাতে নিহত এজন
road accident

ডিজিটেল সংবাদ, কাজিৰঙাঃ শনিবাৰে দুপৰীয়া কাজিৰঙাৰ কহঁৰা চকীৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এখন মটৰ চাইকেলেৰে কঁহৰালৈ ২জন যুৱক আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰাপ্ত তথ্য মতে, এ এচ ০৫ এচ ৩৪৭২ নম্বৰৰ মটৰ চাইকেলেৰে কাজিৰঙাৰ দিৰিং এলেকাৰ নিৱাসী তন্ময় নাথ আৰু কৃষ্ণ মুড়া নামৰ যুৱকদ্বয় আহি আছিল কঁহৰালৈ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যুৱকদ্বয় আহি থাকোঁতে চেপনাকোবোৱা এলেকাত পিছপিনৰ পৰা অহা এখন গুৱাহাটী অভিমুখী বাহনে তীব্ৰবেগে খুন্দা মাৰে তন্ময়হঁত আহি থকা মটৰচাইকেলখনত৷ খুন্দাত দুয়ো যুৱক পথৰ ওপৰতে ছিটিকি পৰে৷

ইপিনে দুৰ্ঘটনাটোত মূৰত গুৰুতৰভাৱে আঘাত পোৱা তন্ময় নাথ (২৩)ৰ ঘটনাস্থলীতে মৃত্যু হয়৷ ইয়াৰ বিপৰীতে দুৰ্ঘটনাত পতিত হোৱা কৃষ্ণ মুড়া নামৰ আনজন যুৱকক ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ কঁহৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে৷

চিকিৎসালয়খনত কৃষ্ণক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাটলে স্থানান্তৰ কৰে৷ কাজিৰঙাৰ দিৰিঙৰ নিৱাসী প্ৰয়াত টংকেশ্বৰ নাথৰ পুত্ৰ অমায়িক তন্ময়ৰ মৃত্যুত সমগ্ৰ কাজিৰঙা এলেকাতে গভীৰ শোকৰ ছাঁ পৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in