/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3495f395-af66-4181-bdcc-467f22052208/2.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ ঘন কুঁৱলীৰ আৱেশ ভেদি উদিত সূৰ্যৰ ৰঙীন কিৰণ নামিল ধৰাৰ বুকুলৈ ৷ শীতৰ হিম চেচা কুঁৱলীৰ মাজত হাতী ছাফাৰীৰ আনন্দ লোৱা বিদেশী পৰ্যটকক মোহাচ্ছন্ন কৰিলে প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে ৷ প্ৰকৃতিৰ নিভাজ ৰূপ লাৱণ্য উপভোগ কৰিবলৈ কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকৰ বাবে কাজিৰঙাই দিছে অপূৰ্ব সমাহাৰ ৷
হাতীছাফাৰীত কাষৰে পৰা এশিঙিয়া গঁড়কে ধৰি হৰিণা আৰু অন্যান্য বন্যপ্ৰাণী প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিল ইংলেণ্ড, স্পেইনৰ বিদেশী পৰ্যটকৰ লগতে আন ৰাজ্যৰ পৰ্যটক ৷ মহানগৰৰ প্ৰদূষিত পৰিবেশৰ বিপৰীতে কাজিৰঙাৰ নিৰ্মল পৰিবেশৰ মাজত পোৱা আনন্দ খিনি উৎসাহেৰে বৰ্ণনা দিলে বাংগালোৰৰ পৰ্যটকে ৷
Also Read: আৰক্ষীৰ এনকাউণ্টাৰত আহত হত্যাৰ অভিযুক্ত