কাজিৰঙাৰ হাতী পাথৰ গণেশ মন্দিৰত গণেশ পূজাৰ আয়োজন

কাজিৰঙাৰ হাতী পাথৰ গণেশ মন্দিৰত গণেশ পূজাৰ আয়োজন

ডিজিটেল সংবাদ,কাজিৰঙাঃ আজি গণেশ পূজা ৷ হিন্দু ধৰ্মৰ প্ৰচলিত প্ৰথানুসৰি পবিত্ৰ প্ৰথা মতে মঙ্গলবাৰে গণেশ পূজাৰ দিনা ভক্তই পূজা অৰ্চনা আৰম্ভ কৰিছে গণেশ দেৱতাৰ ৷

একে পৰম্পৰা ৰক্ষা কৰি কাজিৰঙাৰ হাতী পাথৰ গণেশ মন্দিৰতো আয়োজন কৰা হৈছে গণেশ পূজাৰ ৷ জনশ্ৰুতিৰ মতে স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত কাৰ্বি পাহাৰৰ নামনিত হাতীৰ আকৃতিৰ শিলাখণ্ডই শিল্পীৰ হাতৰ পৰশত ৰূপ পাইছিল গণেশ দেৱতাৰ ৷

কালক্ৰমত মাটিৰে অৰ্ধেক ঢাকি ধৰা গণেশৰ মূৰ্তি জনা দৃষ্টিগোচৰ হয় সেই স্থানত ১৯৬৫ চন মানত নতুনকৈ বসতি স্থাপন কৰা কাৰ্বি জনগোষ্ঠীৰ লোক সকলৰ ৷ পাছলৈ অৱসৰ প্ৰাপ্ত সেনাবাহিনীৰ এজন লোকে স্থাপন কৰে মন্দিৰটো ৷ তেতিয়াৰ পৰা হাতী পাথৰ গণেশ মন্দিৰত চলি আহিছে পূজা অৰ্চনা ৷ ইফালে এই মন্দিৰটোৰ সতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আছে এক গভীৰ সম্পৰ্ক ৷

কাজিৰঙাৰ হাতী পাথৰ গণেশ মন্দিৰত গণেশ পূজাৰ আয়োজন
কাজিৰঙাৰ সুৰক্ষাত প্ৰশিক্ষণপ্ৰাপ্ত কামাণ্ডো বাহিনী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in