/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4e07ae16-b940-47b0-8477-6ae64968b59e/web_copy.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি কৰা হ’ল হাতী ছাফাৰি৷ বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত ছাফাৰি মুকলি পৰ্যটকৰ বাবে৷
পুৱা ৬ বজাত দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত পৰম্পৰাগত হস্তী পূজাৰ পিছতে উদ্যানৰ সঞ্চালক সোণালী ঘোষে মুকলি কৰে ছাফাৰি৷ বহিঃৰাষ্ট্ৰ কানাডাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে হাতী ছাফাৰিৰ প্ৰথম দিনাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰে।
Also Read: মহানগৰীত নকল নোটসহ আটক ব্যৱসায়ী