/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f6d61c42-07c5-4703-b9e9-254de39ebafd/38.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাত সমষ্টিত উন্নয়নৰ এক অন্য নিদৰ্শন পৰিলক্ষিত হৈছে।বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহঁৰা চাৰিআলিৰ নিচেই সমীপৰে ১ নং কহঁৰাৰ ৰাইজে গাঁৱৰ পথছোৱাক লৈ দীৰ্ঘদিনে যমৰ যন্ত্ৰনা ভোগ কৰি আহিছে ৷ মন্ত্ৰী-বিধায়কে সভা-সমিতিত সমষ্টিৰ সৰ্বাধিক উন্নয়ন হোৱাৰ কথা দম্ভালি মাৰি কোৱাৰ বিপৰীতে পথৰ নমুনাই উন্নয়ন প্ৰকৃত স্বৰূপ উদঙাই তুলিছে ৷
গাঁৱৰ সাধাৰণ ৰাইজ,ৰোগী,ছাত্ৰ-ছাত্ৰীৰ লগতে হাৰাশাস্তি ভুগিছে দেশ বিদেশৰ পৰা অহা পৰ্যটকেও।সেয়ে অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সমষ্টিৰ ৰাইজে৷ কেইবাখনো পৰ্যটন অতিথিশালা থকা গাঁওখনলৈ সোমাব নোৱাৰে এম্বুলেন্স ৷ অতুল বৰাক এই পথেৰে এবাৰ খোজ কাঢ়ি যোৱাৰ আহ্বান গাঁৱৰ ৰাইজৰ ৷
Also Read: ডুমডুমাত প্রাক্তন আলফা সদস্য আটক