খোদ পৰ্যটন নিবাসে কাজিৰঙা লেতেৰা কৰা কাৰ্যত চিন্তিত প্ৰকৃতিপ্ৰেমী...

খোদ পৰ্যটন নিবাসে কাজিৰঙা লেতেৰা কৰা কাৰ্যত চিন্তিত প্ৰকৃতিপ্ৰেমী...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত খোদ চৰকাৰী পৰ্যটন নিবাসে লেতেৰা কৰিছে পৰিৱেশ‌।পৰ্যটন নিবাসৰ আৱৰ্জনা মুকলিকৈ পেলোৱাত সৃষ্টি হৈছে অস্বাস্থ্যকৰ পৰিৱেশৰ।বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনৰ অৰণ্য ল'জ কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ডই চিন্তাত পেলাইছে প্ৰকৃতিপ্ৰেমীক। পৰ্যটন নিবাসৰ পৰা সৃষ্ট পেলনীয়া জাৱৰ মুকলিলৈ পেলোৱাত কদৰ্যময় পৰিৱেশৰ সূচনা হৈছে।

স্মৰ্তব্য যে অৰণ্য ল'জত জাৱৰ নিষ্কাশনৰ বাবে স্থাপন কৰা হৈছিল "Solid Waste Management Centre"। কিন্তু মাত্ৰ কেইদিনমান সক্ৰিয় হৈ থকা এই লাখটকীয়া জাবৰ নিষ্কাশনৰ মেচিন এতিয়া বিকল হৈ পৰি ৰৈছে । ফলত জাবৰে দম বান্ধিছে অৰণ্য ল'জৰ পিছফালৰ অঞ্চলটোত।

উল্লেখ্যে যে, উক্ত অঞ্চলটোত বান্দৰ,পহু, গাহৰিকে আদি কৰি বন্য জীৱই আশ্ৰয় গ্ৰহণ কৰা দেখা যায় তেনেস্থলত পেলনীয়া প্লাষ্টিকৰ লগতে অন্য আৱৰ্জনাই ক্ষতি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বন্য জীৱৰ।কেৱল নামতহে পৰি ৰোৱা জাবৰ নিষ্কাশন মেচিন পুনৰ সক্ৰিয় কৰাৰ দাবী প্ৰকৃতিপ্ৰেমীৰ।

স্মৰ্তব্য যে কাজিৰঙাৰ লেতেৰা, কদৰ্যময় পৰিৱেশৰ বিষয়টো ইতিমধ্যেই স্থান পাইছে অসম বিধানসভাতো। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই বিধানসভাত উত্থাপন কৰিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ কদৰ্যময় পৰিৱেশৰ কথা।

খোদ পৰ্যটন নিবাসে কাজিৰঙা লেতেৰা কৰা কাৰ্যত চিন্তিত প্ৰকৃতিপ্ৰেমী...
বিশ্বনাথত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in