/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/fec5331c-74ac-4988-94a7-e1aa85a3485d/2.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ বিগত তিনিমাহে বিকল কাজিৰঙাৰ এনিমেল কৰিডৰত স্থাপন কৰা চেন্সৰ কেমেৰা। যাৰ ফলত দিনক দিনে বৃদ্ধি পাইছে বাহনৰ খুন্দাত বন্যজন্তুৰ মৃত্যুৰ সংখ্যা ৷ শুকুৰবাৰে সন্ধ্যা বাহনৰ খুন্দাত মৃত্যু হয় এটা নাহৰফুটুকীৰ ৷ বিগত বৰ্ষৰ ৩ নবেম্বৰৰ পৰা নিষ্ক্ৰিয় হৈ আছে কেমেৰা আৰু স্পীড চেন্সৰ।
উল্লেখ্যে যে বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৬ টাকৈ এনিমেল কৰিডৰত সংস্থাপন কৰা হৈছিল অত্যাধুনিক চেন্সৰ কেমেৰা। প্ৰায় ১৬ কোটি টকা ব্যয়েৰে অপটিকেল কেমেৰা,থাৰ্মল কেমেৰা,স্পীড চেন্সৰ, স্পীড ৰেডাৰকে আদি কৰি ২১ বিধ বিভিন্ন সামগ্ৰী ৬ টাকৈ এনিমেল কৰিডৰত সংস্থাপন কৰাৰ বাবে ২০১৮ চনত দায়িত্ব দিয়া হৈছিল "Dithilogic" নামৰ হায়দৰাবাদৰ এটা কোম্পানীক। কিন্তু ধনৰ অভাৱত সম্প্ৰতি বিকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ব্যয়বহুল প্ৰকল্প।
কলিয়াবৰৰ ৰাঙলুৰ পৰা বোকাখাতৰ বৰজুৰিৰ মাজত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্পৰ্শকাতৰ ৯ টাকৈ এনিমেল কৰিডৰত গাড়ীৰ গতিবেগ ঘন্টাত ৪০ কি.মি কৰাৰ অৰ্থে এই কেমেৰাসমূহ সংস্থাপন কৰা হৈছিল।চেন্সৰ কেমেৰাসমূহ Automatic Number Plate Recognizing (ANPR) হোৱাৰ বাবে গাড়ীৰ নাম্বাৰপ্লেট চিনাক্ত কৰি পৰিবহণ বিভাগৰ জৰিয়তে জৰিমণা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। যাৰ বাবে কাজিৰঙাত বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল গাড়ীৰ গতিবেগ।
কেৱল ইমানেই নহয় এনিমেল কৰিডৰত সংঘটিত হোৱা যিকোনো গতিবিধি, দৃশ্য বন্দী হৈছিল এইসমূহ কেমেৰাত। কিন্তু সকলো এতিয়া পৰিণত হ'ল ফুটুকাৰ ফেনত। হায়দৰাবাদৰ কোম্পানীটোক চোৱাচিতা তথা মেৰামতিৰ বাবদ দিবলগীয়া ধন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মোকোলাই নিদিয়াৰ বাবে এতিয়া প্ৰহসনত পৰিণত হৈছে এই কোটিটকীয়া প্ৰকল্প। কাজিৰঙাৰ স্থানীয় দল-সংগঠন তথা সচেতন মহলে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এনে দায়িত্বজ্ঞানহীনতাক সমালোচনা কৰিছে।
Also Read: ওদালগুৰিত পশুধন জাগৃতি অভিযান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us