ওদালগুৰিত পশুধন জাগৃতি অভিযান

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা ওদালগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আয়োজিত এই শিবিৰত উপস্থিত থাকি বিটিচিৰ পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰীয়ে চৰকাৰে পশুপালকক স্বাৱলম্বী কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত পশুধন জাগৃতি অভিযান

ডিজিটেল সংবাদ, ওদালগুৰিঃ ভাৰত চৰকাৰৰ দুগ্ধ উন্নয়ন আৰু পশুধন চিকিৎসা বিভাগৰ পশুধন জাগৃতি অভিযানৰ অংশ স্বৰূপে গুৱাহাটী পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ উদ্যোগত শুক্ৰবাৰে ওদালগুৰিৰ জৰাবাৰীত জন জাগৰণ আৰু প্ৰজনন শিৱিৰৰ অনুষ্ঠিত কৰা হয়।

Advertisment

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা ওদালগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আয়োজিত এই শিবিৰত উপস্থিত থাকি বিটিচিৰ পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰীয়ে চৰকাৰে পশুপালকক স্বাৱলম্বী কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে এই শিবিৰত উপস্থিত থাকি গুৱাহাটী পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° আৰফান আলি আৰু ওদালগুৰি জিলাৰ পশুপালন বিষয়া ডাঃ নগেন চন্দ্ৰ কলিতাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ আয় দুগুন কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে।

এই শিবিৰত গোধনৰ প্ৰজননৰ বাবে ভেক্সিন প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ , ভিটামিন আদিও বিতৰণ কৰা হয়। শুকুৰবাৰৰ এই অনুষ্ঠানত ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড° পল্লৱী ডেকা, বিষয়বস্তু বিশেষজ্ঞ ডাঃ প্ৰদীপ ৰাজবংশী, পাম তত্বাবধায়ক ৰমেন কলিতা প্ৰমুখ্যে বহু কেইগৰাকী পশু চিকিৎসক, বিশেষজ্ঞ উপস্থিত থাকে।

Also Read: কাজিৰঙাত দ্ৰুতবেগী বাহনৰ খুন্দাত প্ৰতিদিনাই নিহত বন্যপ্ৰাণী...

udalguri Department of Animal Husbandry and Veterinary Medicine agriculture center of udalguri guwahati vaterinary college