/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4f575edc-2a63-4fa8-ad22-f7bc17d8e747/JAYANTA BARUAH 13.jpg)
অসুস্থ সাংবাদিক বিকাশ শৰ্মাৰ ঘৰত জয়ন্ত বৰুৱাঃ দিলে উন্নত চিকিৎসাত সহায়ৰ আশ্বাস...
ডিজিটেল সংবাদ গোলাঘাটঃ আজি অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থাতত ভূগি থকা সাংবাদিক বিকাশ শৰ্মাৰ স্বাস্থ্য বুজ লয়। অসমীয়া প্ৰতিদিনৰ সাংবাদিক বিকাশ শৰ্মাৰ গোলাঘাটস্থিত বাসগৃহত উপস্থিত হৈ বৰুৱাই শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰি তেওঁক সাহস প্ৰদান কৰে।
এই সময়ছোৱাত বৰুৱাই সাংবাদিক বিকাশ শৰ্মাৰ উন্নত চিকিৎসাৰ সন্দৰ্ভতো কিছু কথা আলোচনা কৰাৰ লগতে পৰিয়ালৰ আন আন সদস্যৰ সৈতেও মত বিনিময় কৰে। তেওঁ অসমীয়া প্ৰতিদিনৰ জন্মলগ্নৰে পৰা জড়িত সাংবাদিকগৰাকীৰ ভবিষ্যতৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত সহযোগ কৰাৰো আশ্বাস প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0cc3c067-f118-48fa-9fc5-0d4511d2ed8d/ce37fdfc-210f-416d-b973-5f4410a75005.jpg)
পাছত তেওঁ সংবাদ মাধ্যমৰ আগত বিকাশ শৰ্মাৰ প্ৰসংগত কয় যে, অসমীয়া প্ৰতিদিনৰ সৈতে জন্ম লগ্নৰে পৰা ওত:প্ৰোত:ভাৱে জড়িত শৰ্মাৰ অধিক উন্নত চিকিৎসাৰ ক্ষেত্ৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াব। ইয়াৰোপৰি তেওঁ বিকাশ শৰ্মাই অসুস্থ অৱস্থাৰেও নিজ দায়িত্ব পালনত দেওখুওৱা দায়বদ্ধতাৰে প্ৰসংশা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bd755b8c-30e7-4da4-b814-79f9cf56a710/447056d5-ec83-4480-ac99-1bf282d4a18e.jpg)
উল্লেখযোগ্য যে দেওবাৰে জয়ন্ত বৰুৱাই হাতীয়েখোৱাত বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ নামত নিৰ্মাণ কৰা এখন তোৰণো উন্মোচন কৰিব।