/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/66cfcfe5-6eca-4d90-816d-c15589c9da4e/AP_FOR_WEB_jb.jpg)
ভাষাতত্ত্ববিদ নগেন ঠাকুৰৰ চৰণ চুই সেৱা জনালে সপত্নীক জয়ন্ত বৰুৱাই....
ডিজিটেল সংবাদ গোলাঘাটঃ ''হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি গীনিজ বুক অৱ ৱ'ৰ্ল্ড ৰেকৰ্ডছত স্থান প্ৰাপ্তিৰে তুমি যি কাম কৰিলা, সেই কাম অসমীয়া জাতিৰ কুষ্ঠিত চিৰ দিনলৈ খোদিত হৈ ৰ'ব।'' হেমকোষ ব্ৰেইলৰ প্ৰকাশক তথা 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক আৰু 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক এইদৰেই আশীৰ্বাদ দিলে অধ্যাপক তথা ভাষাতত্ত্ববিদ নগেন ঠাকুৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f7eceec1-05ea-4359-8e9f-6791c6a5680e/48c9fb40_cc45_4ff6_a6c9_a7d365348ece.jpg)
হেমকোষ ব্ৰেইল প্ৰকাশ কৰি অসমীয়া ভাষালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ লগতে হেমকোষ ব্ৰেইলে বিশ্ব ৰেকৰ্ডছৰ স্থাপন কৰি বিশ্ব দৰবাৰত অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰাৰ বাবে 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক শিৱসাগৰ জিলাত বিভিন্ন দল, সংগঠন আৰু ব্যক্তি বিশেষে আজি ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰাৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে।
এই অনুষ্ঠানত অংশলৈ ঘূৰি অহাৰ পথত জয়ন্ত বৰুৱাই সপত্নীক নগেন ঠাকুৰক ডেৰগাওঁস্থিত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়তে বিশিষ্ট ভাষাতত্ত্ববিদগৰাকীৰ লগতে তেওঁৰ পত্নী বীণা ঠাকুৰ বেজবৰুৱাক জয়ন্ত বৰুৱা আৰু তেওঁৰ পত্নী ৰুবী বৰুৱাই গামোচাৰে শ্ৰদ্ধা জনাই আশীৰ্বাদ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7d1fd00b-7c72-4e35-9d67-0d940f7e86c6/ffae683b_d6f3_4378_bc52_0d0989029cd2.jpg)
উল্লেখ্য যে, ভাষাতত্ত্ববিদ নগেন ঠাকুৰৰ হেমকোষৰ বৰ্ধিত সংস্কৰণলৈ আছিল বিশেষ অৱদান। 'হেমকোষ প্ৰাণ' দেৱানন্দ বৰুৱাই চতুৰ্থ সংস্কৰণৰ পৰা চতুৰ্দশ সংস্কৰণলৈ হেমকোষ সম্পাদনা কৰাৰ সময়ত অৰ্হনিশে নগেন ঠাকুৰ কাষত থাকি বিশেষ ভাৱে সহায় কৰিছিল।
সেয়ে হেমকোষৰ চতুৰ্দশ সংস্কৰণৰ আৰ্হিত প্ৰকাশ পোৱা হেমকোষৰ ব্ৰেইল সংস্কৰণে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পোৱাৰ পাছতে আজি সুযোগ বুজি নগেন ঠাকুৰ আৰু তেওঁৰ পত্নীৰ চৰণ স্পৰ্শ কৰি সেৱা জনোৱাৰ লগতে গামোচাৰে সম্বৰ্ধনা জনায় কৃতজ্ঞতা জ্ঞাপন কৰে জয়ন্ত বৰুৱা আৰু তেওঁৰ পত্নী ৰুবী বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f441b067-1e9a-4e61-a902-762c95c84696/aa79f76d_f71b_4a54_83da_e1f55e55b300.jpg)
Also Read: মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱা দুই শিক্ষানুষ্ঠানৰ ৰিজাল্ট পালেনে....