/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1fe4e6be-8811-4c2d-9868-86d1470ad9ee/golden.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান লক্ষীবাৰী শ্ৰীমন্ত শঙ্কৰজ্যোতি আঞ্চলিক কলামঞ্চৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান ১৮ জুনত দিনজোৰা বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। পুৱা উদযাপন সমিতিৰ সভাপতি সুৰেণ বৰাই পতাকা উত্তোলন আৰু কলামঞ্চ স্থায়ী সমিতিৰ সভাপতি গকুল বৰাই স্মৃতি তৰ্পণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e137e615-965e-43a8-8ded-6bca011c79a0/4819ec5b_ce86_467f_bbbf_0f2ff561addd.jpg)
তাৰপিছতে বহুকেইটা আমন্ত্ৰিত সাংস্কৃতিক দলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। তাৰে ভিতৰত গোবিনপুৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ দিহা নাম, জামুগুৰি সোণোৱাল কছাৰী মহিলাসকলৰ লেচেৰী বিহু, মেৰাচুক বৰতল জেং বিহু, বৰজান মাটিখোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিহু দল আৰু ঝুমুই দল, লক্ষীজুৰি ঝুমুই দল, বেদাংগী শইকীয়া আৰু প্ৰস্তুতি শইকীয়াৰ কৃষ্ণ নৃত্য, সপোন জ্যোতি বৰা, দেবাশীষ শইকীয়া, শ্বাসতী মিশ্ৰৰ গীত পৰিৱেশনে দৰ্শকক আমোদ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b8e88d78-e9db-4f8b-acb8-f25d90dd3674/54884eda_5425_42a9_a826_0a8d461db59d.jpg)
দিনৰ এক বজাত উদযাপন সমিতিৰ সভাপতি সুৰেণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনিৰ আঁত ধৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক খগেন বৰাই ।কলামঞ্চৰ সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/06f7ff82-6447-48fd-a9f6-485fe50581c8/8ac6bfa3_7a5e_4e04_be9e_97419ca73f68.jpg)
শিক্ষক ৰজত কাকতিৰ নিৰ্দিষ্ট বক্তাৰ ভাষণত অনুষ্ঠানটিৰ ২৫ বছৰীয়া পৰিক্ৰমাৰ আলোকপাত কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কলামঞ্চৰ আজীৱন সদস্য তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতোপন শইকীয়াই বক্তব্য ৰাখে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/548525cf-904e-431a-a52e-0a62689e59be/a958db01_1063_4373_8052_ff4c76f99fa7.jpg)
সভাত কলামঞ্চৰ লগত জড়িত সদ্য প্ৰয়াত যাদৱ চন্দ্ৰ ফুকন, হলিৰাম বৰাৰ লগতে অনুষ্ঠানটিৰ লগত জড়িত প্ৰয়াত ব্যক্তি সকলক স্মৰণ কৰে। বৰ্ষ জোৰা কাৰ্য্যসূচীৰে আয়োজিত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনত শ্ৰীমন্ত শঙ্কৰজ্যোতি আঞ্চলিক কলামঞ্চৰ যাৱতীয় কাম-কাজৰ উন্নয়ন কৰা লগতে প্ৰতিজন ন-পুৰণি সদস্যৰ সমন্বয় সাধন কৰাৰ প্ৰয়াস কৰা হৈছে বুলি কলামঞ্চৰ স্থায়ী সমিতিৰ সম্পাদক প্ৰণৱ জ্যোতি শইকীয়া আৰু উদযাপন সমিতিৰ সম্পাদক খগেন বৰাই সকলোৰে সহযোগিতা কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d6800794-0509-4ab6-a05d-dcc2cfc6b3f3/e8372fca_396a_4b6c_bd31_62d51e2e113c.jpg)
Also Read: নগাঁৱত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জিলা ভিত্তিত যোগাসন প্রতিযোগিতা...