ডিজিটেল সংবাদ,গোলাঘাটঃগোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট সমন্বয় ক্ষেত্ৰত শুকুৰবাৰে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ত পোষণ মাহৰ শুভাৰম্ভণি কৰা হয়৷ এই উদ্বোধনী অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওঁগ, কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়কদ্বয় মৃনাল শইকীয়া আৰু বিশ্বজিৎ ফুকনৰ লগতে গোলাঘাট জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ৷
ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পুষ্টিযুক্ত যি সমাজ গঢ়াৰ সপোন দেখিছিল তাকে বাস্তৱত পৰিণত কৰিবলৈ পোষণ মাহৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰী অজন্তা নেওঁগে নিজৰ ভাষণত উল্লেখ কৰে। এই বছৰৰ পোষণ মাহত নিৰ্দ্ধাৰিত কৰা কাৰ্যসূচীসমূহ হৈছে মাতৃদুগ্ধপান, অতিৰিক্ত আহাৰ, স্বাস্থ্যৱান শিশুৰ প্ৰতিযোগিতা, পুষ্টিৰ লগতে প্ৰাক প্ৰাথমিক যতন আৰু শিক্ষাৰ প্ৰয়োজনীয়তা।
শিশুসকল যাতে পুষ্টিকৰ খাদ্যৰ অভাৱত পুষ্টিহীনতাকে আদি কৰি বিভিন্ন ৰোগত ভুগিব নালাগে তাৰবাবে চৰকাৰে এই কাৰ্যসূচী ৰূপায়ন কৰিছে ৷
আনহাতে বিভাগীয় মন্ত্ৰী অজন্তা নেওঁগে ৰাজ্যত আৰু দহ হেজাৰ মডেল অংগনবাড়ী কেন্দ্ৰ স্থাপন কথা উল্লেখ কৰি কয় যে শিশুসকলে যাতে সকলো ক্ষেত্ৰতে উপকৃত হ’ব পাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৷
গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰাজ্যৰ প্ৰায় পাঁচ হাজাৰৰো অধিক অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাৰ লগতে সাধাৰন ৰাইজ উপস্থিত থাকে ৷