/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/2d207572-2f6c-4357-99ae-ff0bfc097391/154.jpg)
গোলাঘাটত মঞ্চস্থ হ'ব হিল্লোল কুমাৰ পাঠকৰ নাটক 'চিকাৰ'
ডিজিটেল ডেস্ক : অসমৰ অন্যতম নাট্য শিক্ষা প্রতিষ্ঠান নর্থ ইষ্ট থিয়েটাৰ একাডেমী, দেৰগাঁৱৰ শিল্পী-প্রশিক্ষার্থীসকলে অহা ৫ আগষ্ট, সোমবাৰে গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিত মঞ্চস্থ কৰিব নাট্যকাৰ, নাট সমালোচক হিল্লোল কুমাৰ পাঠকৰ শেহতীয়া নাট্য ৰচনা 'চিকাৰ, The forage'। খ্যাতিমান নাট পৰিচালক আৰু নর্থ-ইষ্ট থিয়েটাৰ একাডেমীৰ তত্বাৱধায়ক সীমান্ত ফুকনৰ পৰিচালনাৰে 'চিকাৰ'ৰ সহকাৰী পৰিচালক ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক বিদ্যুত কুমাৰ নাথ।
সংগীত সংযোজন কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক দিপু ৰাভা। নুমলীগড় শোধনাগাৰৰ সহযোগত যোৱা এমাহ জুৰি নৰ্থ-ইষ্ট থিয়েটাৰ একাডেমীয়ে আয়োজন কৰা গ্ৰীষ্মকালীন ৰাষ্ট্ৰীয় নাট কৰ্মশালাৰ অন্তত মঞ্চস্থ কৰিবলগীয়া এই 'চিকাৰ, the forage' নাটকত বিভিন্ন প্রান্তৰ প্রশিক্ষার্থীয়ে অভিনয় কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/05709ac3-4f06-49c0-8094-d1e236adeb6c/20e5cf30-b53d-47d2-a3f3-c01de3b2ac09.jpg)
নর্থ-ইষ্ট থিয়েটাৰ একাডেমীৰ সভাপতি বুবুল চন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক গৌৰৱ বৰুৱাই লগতে জানিবলৈ দিয়ে যে ৬ আগষ্টৰ সন্ধিয়া শিশুসকলে মঞ্চস্থ কৰিব দেৱব্ৰত মহন্তৰ নাটক 'লটকন কিয় কৰ এনেখন'। এই পৰিৱেশনাৰ পিছতে হিল্লোল কুমাৰ পাঠকৰ 'চিকাৰ, the forage' নাটকখন কেৰালাকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় নাট্য মহোৎসৱলৈ যাত্রা কৰিব।
Also Read: দুভাগ হ’ব বিজেপি ! তিনিচুকীয়াত ৰাজেন গোহাঁইৰ নেতৃত্বত গোপন বৈঠক