/asomiyapratidin/media/media_files/2024/12/16/gZgYHeXZS8Hterm3tVtT.jpg)
ডিজিটেল সংবাদ কাজিৰঙাঃ আঘোণৰ কুঁৱলী ফালি আজি কাজিৰঙাত হাতী ছাফাৰী কৰিলে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই৷ দেওবাৰে কাজিৰঙা বনবিভাগৰ পৰিদৰ্শন বাংলোত ৰাত্ৰিযাপন কৰি আজি পুৱা কাজিৰঙাৰ মিহিমুখত উপস্থিত হয় ৰাজ্যপালগৰাকী৷
মিহিমুখৰ হাতী ছাফাৰী কৰা প্ৰথম পইণ্টৰ পৰা সপত্নীক ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গত তেওঁ বিলীন হৈ পৰে৷ তেখেতে কয় যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মেনেজমেণ্ট পূৰ্বতকৈ ভাল হৈছে৷ তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত কেইবাটাও গঁড় দেখা পায়৷
তদুপৰি, বিলুপ্তিৰ পথলৈ যোৱা দলহৰিণৰ জাক দেখা পাই তেওঁ আপ্লুত হৈ পৰে৷ ইপিনে, পুৱা হাতী ছাফাৰীৰ পৰা উভতি আহি বিয়লি জীপ ছাফাৰীলৈ যায় ৰাজ্যপালগৰাকী৷ খোলা জীপচীত উঠি ডেকাই কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ অন্তৰ্ভাগ ভ্ৰমণ কৰে৷
তেখেতে সাংবাদিকৰ সন্মুখত নিজৰ অনুভৱ প্ৰকাশ কৰি কয় যে, অসম আৰু ছত্তীশগড়ৰ জলবায়ু, খাদ্যাভাসৰ মাজত মিল আছে ৷ অসম যেনেকৈ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ, ছত্তীশগড়ো একেই৷ তেখেতে কাজিৰঙাৰ সেউজীয়াক সেউজীয়া কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায়৷
ইপিনে,মঙ্গলবাৰে অনুষ্ঠিত হ’বলগীয়া বোকাখাতৰ এক অনুষ্ঠানৰ বাবে কাজিৰঙাত উপস্থিত হোৱা ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক উষ্ম আদৰণি জনাই কাজিৰঙা অধ্যয়ন চক্ৰই৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা, উপ-সঞ্চালক ইন্দুপৱন শইকীয়া, যুটীয়া সচিবৰ লগতে শুভাকাংক্ষী সদস্য ৰাহুল কৰ্মকাৰ, আন এগৰাকী শুভাকাংক্ষী প্ৰদীপ তেৰাং, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট জিলাৰ সংযোজক লগতে কাজিৰঙা আঞ্চলিক সমিতিৰ বিষয়ববীয়াই ৰাজ্যপালগৰাকীক অংগ বস্ত্ৰ, গামোছা, কাৰ্বি আংলঙৰ প’হ’, জেকেট, কাঠৰ গঁড় আদিৰে সন্মান জনায়৷
কাজিৰঙা বনবিভাগৰ অতিথিশালাত সংগঠন কেইটাৰ স’তে এক আলোচনাতো মিলিত হয় ৰাজ্যপাল ডেকা৷ তেখেতে কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশৰ কথা উল্লেখ কৰি কয় যে, ৰাজনৈতিক ব্যস্ততাৰ মাজত থাকোঁতে বহুবাৰ উদ্যান ভ্ৰমণ কৰিলেও এইবাৰ ৰাজনৈতিক চিন্তাৰ পৰা আঁতৰত থাকি সুস্থিৰভাৱে ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিছে৷
তেখেতে বোকাখাত, কাজিৰঙাৰ বিভিন্ন বিষয় উল্লেখ কৰি ছাত্ৰ সমাজক আগবাঢ়ি যোৱাৰ হেতু কৰ্মশীল হ’বলৈ আহ্বান জনায়৷ উল্লেখ্য যে, মঙ্গলবাৰে বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ এক অনুষ্ঠানত উপস্থিত হ’বৰ বাবে দেওবাৰেই কাজিৰঙাত উপস্থিত হয় ৰাজ্যপাল ডেকা৷
অনুষ্ঠানৰ পাছতেই তেওঁ যোৰহাটৰ পৰা ছত্তীশগড়লৈ যাব বুলিও উল্লেখ কৰে৷ আজি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়া সুৱৰ্ণ শইকীয়া বৰদলৈ, কবি গীতাঞ্জলি কলিতাৰ লগতে এটা সঁজাতী দলে কাজিৰঙাত ৰাজ্যপাল ৰমেন ডেকাক আদৰণি জনায়৷
আজি বিজেপিৰ দাদু টায়ে আৰু কবি ভাস্কৰ ফুকনেও ৰাজ্যপালগৰাকীক সম্ভাষণ জনায়৷ ইপিনে, দেওবাৰে সন্ধিয়া কাজিৰঙাৰ কঁহৰাস্থিত বনবিভাগৰ পৰিদৰ্শন বাংলোত স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা, গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষ, বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জেৰ্নগল সমন্বিতে সমজিলাৰ প্ৰশাসনিক বিষয়াসকল আৰু বন বিভাগৰ বিষয়াসকল উপস্থিত থাকি সম্ভাষণ জনায় ৰাজ্যপাল ডেকাক।