ধন-সোণ আৰু সন্তানসহ আচিক আলীৰ লগত পলাই গ'ল হিন্দু বোৱাৰী

পুনৰ লাভ জেহাদৰ বলি হল নেকি বোৱাৰী। এইবাৰ ঘটনাৰ স্থান গোলাঘাট।

author-image
Asomiya Pratidin
New Update
ধন-সোণ আৰু সন্তানসহ আচিক আলীৰ লগত পলাই গ'ল হিন্দু বোৱাৰী

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ পুনৰ লাভ জেহাদৰ বলি হল নেকি বোৱাৰী। এইবাৰ ঘটনাৰ স্থান গোলাঘাট। অভিযোগ অনুসৰি, আচিক আলী নামৰ এজন যুৱকে পলুৱাই নিলে এগৰাকী হিন্দু বোৱাৰীক।

এই ঘটনা সংঘটিত হৈছে বৰপথাৰ ঔ টেঙানীত।। ৪ বছৰীয়া কন্যা সন্তানক লগত লৈ পলাই যায় এগৰাকী মহিলা গৰাকী।আ-অলংকাৰৰ লগতে ২৫ হাজাৰ টকা নগদ ধন লৈ পলাতক বোৱাৰী গৰাকীৰ লগতে যায় আছিক আলি।।

পত্নী আৰু ৮ বছৰীয়া ল'ৰা সন্তান থকা আছিক আলি নাম শিৱসাগৰ জাঁজীৰ বুলি জানিবলৈ দিয়ে মহিলাগৰাকীৰ স্বামীয়ে। পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰাত তদন্ত অব্যাহত ৰাখিছে বৰপথাৰ আৰক্ষীয়ে।।

কোনো ব্যক্তিয়ে মহিলা গৰাকীৰ লগতে ছোৱালী জনীৰ সম্ভেদ পালে ৬০০০৯৩২১৩৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে। অৱশ্যে ঘটনাৰ কাৰণ পৰৱৰ্তী সময়তহে জানিব পৰা যাব।

Also Read: ''মই এতিয়া মৃত্যু হৈ পৰিছো, পৃথিৱী ধ্বংসকাৰী''

Assam police