গোলাঘাটৰ জামুগুৰি চাহ বাগিচাত অচলাৱস্থা, প্ৰতিবাদত বহিল একাংশ

গোলাঘাটৰ জামুগুৰি চাহ বাগিচাত অচলাৱস্থা, প্ৰতিবাদত বহিল একাংশ

ডিজিটেল সংবাদ, গোলাঘাট: মালিকপক্ষৰ চূড়ান্ত গাফিলতি আৰু অৱহেলাৰ বাবে দীৰ্ঘদিন ধৰি নিজৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ আহিছে একাংশ শ্ৰমিক। গোলাঘাট জিলাৰ দাৰ্জিলিং অর্গেনিক চাহ কোম্পানীৰ অধীনস্থ জামুগুৰি চাহ বাগিচাৰ সহস্ৰাধিক শ্ৰমিক কৰ্মচাৰীয়ে বুধবাৰে প্ৰতিবাদী কাৰ্যসূচীৰে গোলাঘাট চহৰৰ আকাশ বতাহ কপাই তোলে।

অসম চাহ মজদুৰ সংঘৰ জামুগুৰি চাহ কৰ্মচাৰী সংঘ প্রাথমিক গোটৰ সভাপতি জিতেন চত্রিয়া আৰু সম্পাদক বিশাল এক্কাৰ নেতৃত্বত আজি বাগিছা খনৰ সহস্ৰাধিক শ্ৰমিক কৰ্মচাৰীয়ে গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰৰ কুটনীতি নচলিব, শ্ৰমিকক শোষণ নীতি বন্ধ কৰক, আমাৰ প্ৰাপ্য আমাক দিয়ক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

শ্ৰমিক কৰ্মচাৰী সকলৰ নেতৃত্বই অভিযোগ কৰি কয় যে ''এইখন বাগিচাত শ্রমিক, কৰ্মচাৰী সহ প্রায় ৯৪০ গৰাকীতকৈ অধিক লোকে চাকৰি কৰি জীৱন যাপন কৰি আহিছে। বেংকৰ লেনদেন কেলেংকাৰী গোচৰত জড়িত হোৱা বাবে বাগিচাখন নেচনেল কোম্পানী ল’ ট্রাইবুনেলৰ আদালতত বিচৰাধীন হয়।

উক্ত আদালতৰ জৰিয়তে বাগিচাখন উষা বাগিচাৰ মালিক ৰাজেশ বাজাজে ‘ৰিচিভাৰ’ হিচাপে পৰিচালনাৰ দায়িত্ব পোৱাৰ পাছত ২০২২চনৰ পৰা বাগিচাখন পৰিচালনা কৰি আহিছে। কিন্তু আনুষ্ঠানিকভাৱে আমি কোনো পক্ষৰ পৰা হস্তান্তৰ সম্পৰ্কে জাননী বা অন্য প্ৰকাৰৰ চিঠিপত্ৰ পোৱা নাই। জিলা প্ৰশাসন আৰু শ্ৰম বিভাগৰ পৰামৰ্শ অনুযায়ী বাগিচাখনত যাতে কোনো ধৰণৰ অচলাৱস্থা বা শান্তি-শৃংখলা ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ বাধা- বিঘিনি সৃষ্টি নকৰি বাগিচা পৰিচালনা কৰা কাৰ্যত সহযোগ কৰি আহিছিলো।

ইতিমধ্যে বাজাজে ২৮।০৮। ২০২৩ তাৰিখে উভয় সংঘৰ মজদুৰ সংঘ আৰু কৰ্মচাৰী সংঘৰ সদস্যসকলক মাতি মুকলিকৈ বাগিচাখনৰ সকলো দায়িত্ব মই পাইছো বুলি কৈ আশ্বাস দিয়াৰ লগতে আমাক সহযোগ কৰিবলৈ আহ্বান জনায়। আমি সকলোৱে উৎফুল্লিত হ’লো যদিও প্রায় এমাহৰ পিছতে পুনৰ দৰমহা ৰেচন দিয়া ক্ষেত্ৰত অনিশ্চয়তা দেখা গ'ল।

সময় অতিবাহিত হোৱাৰ লগে লগে দেখা গল যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা বাগিছা কৰ্তৃপক্ষই নিয়মিত ভাৱে শ্ৰমিক কৰ্মচাৰী সকলৰ ৰেচন আৰু দৰমহা দিয়া বন্ধ কৰি দিলে। ইয়াৰ ফলত চেপ্তেম্বৰ মাহৰ পৰা দৈনিক কাম কৰা শ্ৰমিকৰ মজুৰি ০৪।১১।২০২৩ তাৰিখলৈকে ৬১,১৬,৯৮০/- টকা , আনহাতে উপ-কৰ্মচাৰীসকলৰ ২০২৩ চনৰ অক্টোবৰ মাহৰ দৰমহা মুঠ ২.৬৬,০৫৬/- টকা আৰু কৰ্মচাৰীসকলৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ দৰমহা মুঠ ১০,৪৪,৭৯৮/- সৰ্বমুঠ ৬৭,৮৭ ৮৩৪/- টকা অনাদায় হৈ পৰি ৰোৱাৰ ফলত আৰ্থিক সংকটে শ্ৰমিক কৰ্য়মচাৰী সকলক জুৰুলা কৰি তোলে।

আৰ্থিক সংকতৰ ফলত শ্ৰমিক কৰ্মচাৰী সকলৰ ল’ৰা-ছোৱালীৰ স্কুল-কলেজ যোৱা বন্ধ হোৱাৰ লগতে উপযুক্ত চিকিৎসা আৰু দৰৱ-পাতিৰ অভাৱত কিছু শ্ৰমিকৰ মৃত্যু পর্যন্ত হ’ল। বাগিছা খনত সৃষ্টি হোৱা এনে অচলা অৱস্থাৰ কথা অসম চাহ মজদুৰ সংঘৰ জৰিয়তে কেইবাবাৰো জিলা প্ৰশাসন,শ্ৰম বিভাগ,শ্ৰম মন্ত্ৰী আদিৰো দৃষ্টি গোচৰ কৰা হয় যদিও কোনেও শ্ৰমিক কৰৃমচাৰী সকলৰ আবেদন নিবেদন ক গুৰুত্ব প্ৰদান নকৰিলে''।

তাৰ পাছত কয়, বাগিছা খনৰ পৰিচালনাৰ দায়িত্ব লোৱা ৰাজেশ বাজাজ নিৰুদ্দেশ হোৱা বুলি প্ৰচাৰ হোৱাত শ্ৰমিক কৰ্মচাৰী সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।ইফালে দৰমহা ৰেচন আদি দিব নোৱাৰি বাগিচাৰ মেনেজাৰ সঞ্জীৱ বৰুৱাও যোৱা দুৰ্গা পূজাৰ সময়ত বাগিচা এৰি গুছি যোৱাত বাগিচাখনত এক গৰাকীবিহীন অৰাজকতাৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতো শ্ৰমিক সকলে বিষয়টো বাৰে বাৰে জিলা আয়ুক্তক জনালে যদিও কোনো সুফল নেপাই আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি কয় তেওঁলোকে।

গোলাঘাটৰ জামুগুৰি চাহ বাগিচাত অচলাৱস্থা, প্ৰতিবাদত বহিল একাংশ
১০ দিন ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৪০ শ্ৰমিক, থাকিব লাগিব আৰু ১৫ দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in