গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ লাইখুঁটা স্থাপনঃ মানিক বৰালৈ ধনশিৰী উপত্যকা বঁটা...

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ লাইখুঁটা স্থাপনঃ মানিক বৰালৈ ধনশিৰী উপত্যকা বঁটা...

author-image
Asomiya Pratidin
New Update
গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ লাইখুঁটা স্থাপনঃ মানিক বৰালৈ ধনশিৰী উপত্যকা বঁটা...

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ লাইখুঁটা স্থাপনঃ মানিক বৰালৈ ধনশিৰী উপত্যকা বঁটা...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত বিহু সন্মিলন গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত ৬২তম ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয় । গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ মুখ্য উপদেষ্টা পূৰ্ণ ৰাজখোৱাই লাইখুঁটা স্থাপনৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

ইয়াৰ পাছতেই এযোৰা বিহু হুঁচৰি দলে হুঁচৰি পৰিৱেশন কৰে। উল্লেখযোগ্য ৬২ সংখ্যক ৰঙালী বিহু সন্মিলনখনি অহা ৩০ এপ্ৰিল,১ আৰু ০২ মে'ত অনুষ্ঠিত হ'ব । ৬২ সংখ্যক ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ সভাপতি পৰিক্ষিত দত্তই জনোৱা মতে প্ৰথম দিনা বিহু সন্মিলনৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছতে অনুস্থিত হ'ব ধনশিৰী উপত্যকা বঁটা প্ৰদান অনুষ্ঠান ।

এই বৰ্ষত এই বঁটা প্ৰদান কৰিব বিশিষ্ট সংগীতজ্ঞ মানিক বৰাক আৰু বঁটা প্ৰদান কৰিব বিশিষ্ট লেখক ডাঃ অজিত বৰুৱাই। এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব বিশিষ্ট শিক্ষাবিদ ড০ পৰাগ ঠাকুৰ ।

কেন্দ্ৰীয় ৰঙালী বিহুখনত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাসমূহ ক্ৰমে - মেজাংকৰী বঁটা খ্যাত বৰবিহুৱতী প্ৰতিযোগিতা,সৰুবিহুৱতী প্ৰতিযোগিতা, হুঁচৰি প্ৰতিযোগিতা,জেং বিহু প্ৰতিযোগিতা, বিহুনাম প্ৰতিযোগিতাৰ লগতে ভেশচন প্ৰতিযোগিতা,পুষ্পসজা প্ৰতিযোগিতা, জাতীয় আৰু জনজাতীয় সাজ-পোছাক প্ৰতিযোগিতা ইত্যাদি।ইয়াৰ উপৰিও প্ৰথম দিনা অনুষ্ঠিত হ'ব চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শোভাযাত্ৰা প্ৰতিযোগিতা।

উক্ত অনুষ্ঠান কেইটাৰ বাহিৰেও ০১ মে' তাৰিখে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব এজাক তৰাৰ জিলিকনি নামৰ এক ব্যতিক্ৰমী সাংস্কৃতিক কাৰ্যসূচী । এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰগোঁহাই আৰু ০২ মে' তাৰিখে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী,হাৰ্টথ্ৰব জুবিন গাৰ্গ, বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈ।

এইক্ষেত্ৰত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সমিতিৰ সভাপতি পৰীক্ষিত দত্ত আৰু সাধাৰণ সম্পাদক দ্বয় ক্ৰমে অভিৱৰ্তন গোস্বামী আৰু পাৰ্থ জ্যোতি বৰায়ে সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ একান্তৰে কামনা কৰাৰ লগতে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

Also Read: চিৰাং ৰুনিখাটা দৰোগাঁও লক্ষ্মী ইণ্ডাষ্ট্ৰীৰ উদ্যোগত প্ৰথম লাংদাং বৈশাগু উদযাপন...

ধনশিৰী উপত্যকা বঁটা