চিৰাং ৰুনিখাটা দৰোগাঁও লক্ষ্মী ইণ্ডাষ্ট্ৰীৰ উদ্যোগত প্ৰথম লাংদাং বৈশাগু উদযাপন...

চিৰাং ৰুনিখাটা দৰোগাঁও লক্ষ্মী ইণ্ডাষ্ট্ৰীৰ উদ্যোগত প্ৰথম লাংদাং বৈশাগু উদযাপন...

author-image
Asomiya Pratidin
New Update
চিৰাং ৰুনিখাটা দৰোগাঁও লক্ষ্মী ইণ্ডাষ্ট্ৰীৰ উদ্যোগত প্ৰথম লাংদাং বৈশাগু উদযাপন...

চিৰাং ৰুনিখাটা দৰোগাঁও লক্ষ্মী ইণ্ডাষ্ট্ৰীৰ উদ্যোগত প্ৰথম লাংদাং বৈশাগু উদযাপন...

ডিজিটেল সংবাদ ৰুনিখাটা: চিৰাং জিলাৰ ৰুনিখাটা দৰোগাঁও গাঁৱত ২০২১ চনত স্থাপিত এম/এচ লক্ষ্মী ইণ্ডাষ্ট্ৰীৰ উদ্যোগত লক্ষ্মী ইণ্ডাষ্ট্ৰীত প্ৰথম লাংদাং বৈশাগু উদযাপন কৰে। এই বৰ্ষত প্ৰথম উদযাপন কৰা লাংদাং বৈশাগুক উদ্বোধন কৰে বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে লক্ষ্মী ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী কমলা কান্ত খাখলাৰীৰ পত্নী সুদেম খাখলাৰী, আশ্ৰাবাৰী ভিচিডিচিৰ অধ্যক্ষ উখুন্দৈ বৰগয়াৰীৰ লগতে ১নং আৰু ২নং দৰোগাঁও আৰু মুকিগাঁও গাঁৱৰ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে কণ-কণ শিশুসকলক লক্ষ্মী ইণ্ডাষ্ট্ৰীৰ পৰা সম্বৰ্দ্ধনা জনাই।

লাংদাং বৈশাগুৰ লগত সংগতি ৰাখি লক্ষ্মী ইণ্ডাষ্ট্ৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা গাওঁখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অলপতে মুম্বাই টিছৰ পৰা এম ফিল পাচ কৰা লক্ষ্মী খাখলাৰীক সম্বৰ্দ্ধনা জনাই বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি লক্ষ্মী ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী কমলা কান্ত খাখলাৰীয়ে অংশগ্ৰহণ কৰি কয় যে, গাওঁখনত শান্তি-সম্প্ৰতি আৰু ভাই -ককাইৰ সমন্ধবোৰ স্থায়ী ভাৱে ৰখাৰ উদ্দেশ্যে এই কাৰ্যসূচীটো ৰখা বুলি কয় ।

Also Read: অৰবিন্দ কেজৰিৱালক ৯ ঘণ্টা জেৰা কৰিলে চি বি আইয়ে...

লাংদাং বৈশাগু