গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ শ্মশান যাত্ৰা...

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে যোগান বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

author-image
Asomiya Pratidin
New Update
গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ শ্মশান যাত্ৰা...

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে যোগান বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে শ্মশান যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে।শেহতীয়াভাৱে অসম চৰকাৰৰ যোগান বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুত হাৰত মুল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে, যাৰ ফলত সৰ্ব সাধাৰণ ৰাইজৰ অৱস্থা একেবাৰে জুৰুলা হৈ পৰিছে।

Advertisment

ইয়াৰ প্ৰতিবাদত আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত আজি জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে জিলা নগৰৰ মাজেদি যোগান বিভাগৰ প্ৰতীকী শৱদেহ লৈ ধনশিৰি নদীত বিসৰ্জন দিয়ে।বৰ্তমান সময়ত প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজৰ দৈনিক জীৱন-যাপন কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

কিন্তু বৰ্তমান যোগান বিভাগ কুম্ভকৰ্ণৰ দৰে নিদ্ৰাত মগ্ন হৈ আছে বুলি কেন্দ্ৰীয় উপ-সভপতি জিতুল ৰাজখোৱাই ক্ষোভ প্ৰকাশ কৰছ। উক্ত কায্যসূচীত কেন্দ্ৰীয় তথ্য আৰু যোগাযোগ বিভাগৰ সম্পাদক আব্দুল হাছিম জিলা সভপতি নিকুঞ্জ মেধি সাধাৰণ সম্পাদক ৰাজীৱ দাসৰ লগতে শতাধিক কৰ্মী উপস্থিত থাকে।

Also Read: ঘিলামৰাত মাতৃ-পুত্ৰৰ সলিল সমাধি...

protest