গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা 'কৃষক মেলা'

বৃহস্পতিবাৰৰ পৰা গোলাঘাট জিলাত দুদিনীয়াকৈ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA) ৰ সহযোগত আয়োজন কৰা হৈছে কৃষক মেলা-২০২৩৷
গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা 'কৃষক মেলা'

ডিজিটেল সংবাদ, গোলাঘাটঃ বৃহস্পতিবাৰৰ পৰা গোলাঘাট জিলাত দুদিনীয়াকৈ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA) ৰ সহযোগত আয়োজন কৰা হৈছে কৃষক মেলা-২০২৩৷ গোলাঘাট জিলা পুথিভঁৰালৰ সমীপত অনুষ্ঠিত হোৱা এই কৃষি মেলাখনৰ মুখ্যদ্বাৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে শ্বহীদ জিণ্টু গগৈৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়া ঠগিৰাম গগৈয়ে।

গোলাঘাট জিলাৰ উপায়ুক্ত ড: উদয় প্ৰবীণ কৃষক মেলাত উপস্থিত প্ৰদৰ্শনী সমূহ পৰিদৰ্শন কৰে লগতে কৃষক সকলৰ সৈতে মত বিনিময় কৰে। আজিৰ এই কৃষি মেলাত বন্তি প্ৰজ্বলন কৰে জিলা নিৰ্বাচনী বিষয় সুলক্ষনা বৰপাত্ৰ গোহাঁইয়ে।

উল্লেখ যে পুৱা কৃষক সকলৰ পঞ্জীয়নৰ অন্তত অতিথি সকলক সম্বৰ্ধনা জনাই জিলা কৃষি বিভাগে। ইয়াৰ পাছত গোলাঘাট জিলাত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ দ্বাৰা ৰূপায়ন কৰা কাৰ্য সন্দৰ্ভত আলোকপাত কৰে তপন মহন্তই। কৃষক মেলা খনৰ লগত সংগতি ৰাখি উদ্যান শস্য বিভাগৰ এখন ক্ৰেতা বিক্ৰেতা সমাৰোহ অনুষ্ঠিত হয়।উক্ত সমাৰোহ খন অধ্যক্ষতা কৰে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই।

কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ড: ভৱেশ ডেকাই উদ্ধোধন কৰা সমাৰোহ খনত প্ৰায় শতাধিক কৃষকে অংশগ্ৰহন কৰে। ইয়াৰ পাছত কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বুঢ়ালিকচন কুঁহিয়াৰ গবেষণা কেন্দ্ৰৰ বিজ্ঞানী সকলে খেতিয়ক সকলৰ সৈতে মত বিনিময় কৰে।

আজিৰ এই কৃষকমেলাখনত জিলাখনৰ বহু কেইজন প্ৰগতিশীল কৃষকৰ নিজৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলাৰ আত্মাৰ অন্তৰ্গত বিভিন্ন উন্নয়ন খণ্ডৰ হৈও কৃষি ফচল আৰু উৎপাদন সামগ্ৰীৰ প্ৰদৰ্শনী বিপনী স্থাপন কৰা হৈছে। সেইদৰে গোলাঘাট জিলাৰ পশু চিকিৎসা বিভাগ, ৰেচম বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, খুমটাই, বুঢ়ালিকচন কুঁহিয়াৰ গবেষনা কেন্দ্ৰ আদিয়েও প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। আনকি কেইবাটাও মহিলা আত্মসহায়ক গোট, নাৰ্চাৰী তথা কৃষি প্ৰযুক্তিৰো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।এই মেলাত গোলাঘাট জিলাৰ বহুকেইখন এফ পি চি সমূহে জৈৱিক ভাবে উৎপাদিত কৃষি সামগ্ৰীৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।

ঊল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা কৃষক মেলাত উপস্থিত থকা কৃষক সকলক ভ্ৰম্যমান পৰীক্ষা ভেনৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰা হয়। আজিৰ কৃষক মেলাত প্ৰায় পাঁচ শতাধিক ৰাইজৰ জন সমাগম হয়।

উল্লেখযোগ্য যে কাইলৈ পুৱা কৃষি বিভাগৰ এখন ক্ৰেটা বিক্ৰেতা সমাৰোহ অনুষ্ঠিত হব। ইয়াৰ পাছত বিয়লি ২ বজাৰ পৰা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হব। কৃষক মেলাৰ উদযাপন সমিতিৰ সম্পাদক তথা আত্মা, গোলাঘাটৰ মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱা আৰু উদযাপন সমিতিৰ সভাপতি তথা জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই ৰাইজৰ উপস্থিতি কামনা কৰিছে।

গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা 'কৃষক মেলা'
২০২৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী! এয়া দেশৰ জনতাৰ মনৰ কথা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in