Advertisment

গোলাঘাট সাংবাদিক সংস্থাৰ অধিবেশনত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাক স্মৰণ

গোলাঘাটবাসীৰ মৰম, সন্মানৰ আৱদাৰৰে অনুষ্ঠিত হ'ল প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ স্মৃতিচাৰণ সভা। প্ৰয়াত স্বামীক মাল্যাপণ কৰি দুই নয়নেৰে অশ্ৰু নিগৰি আহিল সহধৰ্মিনী আল্পনা ফুকনৰ।

author-image
Asomiya Pratidin
New Update
গোলাঘাট সাংবাদিক সংস্থা

গোলাঘাট সাংবাদিক সংস্থা

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটবাসীৰ মৰম, সন্মানৰ আৱদাৰৰে অনুষ্ঠিত হ'ল প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ স্মৃতিচাৰণ সভা। প্ৰয়াত স্বামীক মাল্যাপণ কৰি দুই নয়নেৰে অশ্ৰু নিগৰি আহিল সহধৰ্মিনী আল্পনা ফুকনৰ।

Advertisment

গোলাঘাটবাসীৰ লগতে পিতৃ, পুত্ৰ-কন্যাসহ আত্মীয়ই উচুপি উঠিল ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠানত। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত বিশিষ্ট সাংবাদিক,  শিশু সাহিত্যিক তথা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত বিকাশ শৰ্মাৰ সোঁৱৰণত আজি গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মুখ্য কাৰ্যালয়ৰ বাকৰীত অনুষ্ঠিত হয স্মৃতিচাৰণ সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান।

গোলাঘাট সাংবাদিক সংস্থাৰ অধিবেশনত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাক স্মৰণ
গোলাঘাট সাংবাদিক সংস্থাৰ অধিবেশনত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাক স্মৰণ

 

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি, ৰোহিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত মুখ্য অতিথি ৰূপে বিধায়ক মৃণাল শইকীয়াই অংশগ্ৰহণ কৰি শৰ্মাৰে তেখেতৰ স্মৃতি ৰোমন্থন কৰে। প্ৰয়াত বিকাশ শৰ্মা সাংবাদিকৰ উপৰিও বিধায়কগৰাকীৰ এজন ভাল বন্ধু আছিল বুলি উল্লেখ কৰি কয় যে, স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত থকাটো এটা জটিল কাম। এক বেদনাসিক্ত মন লৈ স্বাভাৱিকতে এনে কাৰ্যসূচীত ভাগ ল'বলৈ বহুত কষ্ট হয়।

বিশিষ্ট  অতিথি ৰূপে বিশিষ্ট শিক্ষাবিদ, বোলছবি পৰিচালক দীনেশ গগৈ, জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্ত, সাংবাদিক অপূর্ব বল্লভ গোস্বামী, পৌৰ সভানেত্রী দুলুমণি বৰবৰা, শিক্ষাবিদ তিলেশ্বৰ তামুলী আদিয়ে প্ৰয়াত বিকাশ শৰ্মাৰ কৰ্মজীৱন,কৰ্মশৈলী, দায়ৱদ্ধতা,কৰ্তব্যনিষ্ঠা আদিৰ ৰোমন্থন কৰি স্মৃতিচাৰণ কৰে। শিক্ষাবিদ ড০ বিপুল ভূঞা, ড০ দীপালী বৰা, ড০ নৃপেন বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানটিত।

গোলাঘাট সাংবাদিক সংস্থাৰ অধিবেশনত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাক স্মৰণ
গোলাঘাট সাংবাদিক সংস্থাৰ অধিবেশনত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাক স্মৰণ

 

এই অনুষ্ঠানতে হেমন্ত শইকীয়াৰ সভাপতিত্বত,দেৱাশীষ সাহা আৰু পাৰ্থ প্ৰতিম শইকীয়াৰ সম্পাদনাত প্ৰকাশিত "বিকাশ" শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসমীয়া প্ৰতিদিনৰ যোৰহাটৰ সাংবাদিক তথা যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অশোক কুমাৰ বৰুৱাই। জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক গিৰীন বৰাই উদ্দেশ্য বাখ্যা কৰা সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে কাৰ্যকৰী সভাপতি দ্বীপেন কুমাৰ বৰাই ।

ইয়াৰ প্ৰাকক্ষণত পতাকা উত্তোলন কাৰ্যসূচীৰ লগেলগেই স্মৃতিতৰ্পণ কাৰ্যসূচীৰ পাতনি মেলে গিৰীন বৰা, প্ৰণৱ চক্ৰৱৰ্তী, পৰাগজ্যোতি শইকীয়া, হিৰণ্য গগৈ, দীপক হাজৰিকা আৰু অৰূপ পূজাৰীয়ে। বন প্ৰাধিকাৰী সুশীল কুমাৰ ঠাকুৰীয়া আৰু উপ পৌৰপতি সীমান্ত বৰাই গছপুলি ৰোপণ কাৰ্যসূচী সমাপণ কৰে।

গোলাঘাট সাংবাদিক সংস্থাৰ অধিবেশনত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাক স্মৰণ
গোলাঘাট সাংবাদিক সংস্থাৰ অধিবেশনত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাক স্মৰণ

 

মাখনলাল বাঢ়ৈ, সঞ্জীৱ সন্দিকৈ,সপোন তামুলী, মৃদুল গোস্বামী,পূৰ্ণ ৰাজখোৱা, দীপমনি খাটনিয়াৰ, ৰাজীৱ বৰা আৰু অজয় কানৈয়ে বন্তি প্ৰজ্বলন কৰে। এই সভাৰ অন্তত অনুষ্ঠিত হয় গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মধ্যকালীন অধিৱেশন।

সভাপতি ৰোহিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত উপদেষ্টা সোণাৰাম ভঁৰালী, সহকাৰী সম্পাদক অৱনী শৰ্মা, উপদেষ্টা দুগ্ধ দত্ত,উপ সভাপতি অৰুণ বিকাশ বৰুৱা, নবীন গোহাঁই, হিচাপ পৰীক্ষক ৰবীন হাজৰিকাই সাংগঠনিক দিশত বক্তব্য ৰাখে। সংস্থাৰ শুভাকাংক্ষী নগেন বৰাই শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰাৰ অন্তত হেমন্ত শইকীয়াই আগন্তুক প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত সভাক অৱগত কৰে।

বিকাশ শৰ্মা