পৰুৱাই পালে পঞ্চায়ত নিৰ্বাচনৰ ডিউটি কৰিবলৈ অহা হোম গাৰ্ডকঃ  চোৰ বুলি ৰাইজে ধৰি গতালে আৰক্ষীক

গোলাঘাটৰ নতুন আমোলাপট্টিৰ এটা গলিত সৃষ্টি হয় চোৰৰ আতংক৷ এজন লোকে এঘৰৰ গেট খুলি ঘৰৰ দোৱাৰেদি সোমাবলৈ লোৱাত গৃহস্থই চিঞৰ বাখৰ কৰাত ৰাইজ সমবেত হৈ লোকজনক কৰায়ত্ব কৰে৷

author-image
Asomiya Pratidin
New Update
পৰুৱাই পালে পঞ্চায়ত নিৰ্বাচনৰ ডিউটি কৰিবলৈ অহা হোমগাৰ্ডকঃ  চোৰবুলি ৰাইজে ধৰি গতালে আৰক্ষীক

ডিজিটেল সংবাদ গোলাঘাটঃ সোমবাৰে নিশা ১০ বজাত গোলাঘাটৰ নতুন আমোলাপট্টিৰ এটা গলিত সৃষ্টি হয় চোৰৰ আতংক৷ এজন লোকে এঘৰৰ গেট খুলি ঘৰৰ দোৱাৰেদি সোমাবলৈ লোৱাত গৃহস্থই চিঞৰ বাখৰ কৰাত ৰাইজ সমবেত হৈ লোকজনক কৰায়ত্ব কৰে৷

Advertisment

খবৰ পাই গোলাঘাট থানাৰ আৰক্ষী আহি লোকজনক চিনিপায় আৰু থানালৈ লৈ যায়৷ লোকজনে প্ৰথমৰে পৰাই নিজৰ নাম গোসাঁই বিশ্ৰা আৰু কোকোৰাঝাৰৰ বাসিন্দা বুলি কৈ আছিল৷

তেওঁ হোমগাৰ্ডৰ চাকৰি কৰা বুলি কৈ আছিল যদিও ৰাতি এনেদৰে কিয় অচিনাকী মানুহৰ ঘৰলৈ আহিল বুলি প্ৰশ্ন কৰাত চালেবেৰে কোবোৱা উত্তৰ দিয়াত ৰাইজে বিশ্বাস কৰিছিল যে এওঁ প্ৰকৃতে এটা চোৰ৷ কিন্তু আৰক্ষীৰ ৰাইডাৰ পাৰ্টি জোৱান অহাৰ পিছতহে ৰাইজে বুজিলে যে প্ৰকৃতে পৰুৱাই পালে হোমগাৰ্ড জনক৷

 আৰক্ষীয়ে ৰাইজক জানিবলৈ দিয়ে যে তেওঁ প্ৰকৃততে এজন হোমগাৰ্ড৷ পঞ্চায়ত নিৰ্বাচনৰ বাবে আহি পুৱাৰেপৰা গোলাঘাট থানাত আছিলহি হঠাতে সন্ধিয়া নোহোৱা হোৱাত আৰক্ষীৰ মাজতো হোৱাদোৱা লাগে আৰু চৌদিশে বিচাৰি চলাথ কৰে৷

অৱশেষত অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ পূৰ্বেই আৰক্ষীয়ে বিচাৰি পালে পৰুৱাই পোৱা হোমগাৰ্ড গোসাঁই বিশ্ৰাক৷

পঞ্চায়ত নিৰ্বাচন