খবৰ ল'বলৈ আহৰি নাই বন বিভাগৰঃ অকাল মৃত্যুক সাবতিলে বুধেশ্বৰে

খবৰ ল'বলৈ আহৰি নাই বন বিভাগৰঃ অকাল মৃত্যুক সাবতিলে বুধেশ্বৰে
Published on
Updated on

ডিজিটেল সংবাদ, বোকাখাতঃ আহৰি নাই বন বিভাগৰ। বিভাগটোৰ সাহাৰ্য অবিহনেই বন্যহস্তীৰ আক্ৰমণত আহত হোৱা এজন লোকৰ দেওবাৰে হোৱা মৃত্যুত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে বোকাখাতৰ এখন গাঁৱত। মৃত লোকজন বৰভেটা আমলখিৰ বুধেশ্বৰ মুঢ়া।

জানিব পৰা মতে দুটা বছৰ পূৰ্বে বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হৈছিল ৩গৰাকী কণমানি কন্যা শিশুৰ পিতৃ বুধেশ্বৰ মুঢ়া নামৰ লোকজন। সেই সময়ত গুৰুতৰ ভাবে আহত লোকজনক প্ৰথমে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ব্যক্তিগত খৰচত চিকিৎসা কৰোৱা হৈছিল যদিও শয্যাশায়ী হৈ আছিল লোকজন।

বন বিভাগৰ পৰা মাত্ৰ সামান্য পৰিমাণৰ চিকিৎসা ব্যয় লাভ কৰা লোকজনে কেৱল ধনৰ অভাৱতেই উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ অৱশেষত মৃত্যু বৰণ কৰিব লগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসী আৰু কৃষক সভাৰ কৰ্মকৰ্তা তথা কৃষক নেতা প্ৰনব দলেয়ে। দলেৰ অভিযোগ অনুসৰি কেৱল বুধেশ্বৰ মুঢ়ায়েই নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ অনেক বন্যজীৱৰ আক্ৰমণত আহত লোকে বন বিভাগৰ পৰা কোনো ধৰণৰ সাহাৰ্য লাভ নকৰাকৈয়ে বিনা চিকিৎসাই মৃত্যুক সাবতিব লগীয়া হৈছে।

গতিকে বন্যজীৱৰ আক্ৰমণত আহত বা নিহত লোকৰ চিকিৎসা-সাহাৰ্য আদিৰ বাবে বন বিভাগে এক বিশেষ কোষ শীঘ্ৰেই গঠন কৰাৰ দাবী কৰে কৃষক নেতা গৰাকীয়ে। লগতে পিতৃহীন হৈ পৰা কন্যাশিশু তিনিটিৰো সম্পূৰ্ণ দায়িত্ব বহন কৰিবলৈ দাবী জনাই সংগঠনটোৱে।

খবৰ ল'বলৈ আহৰি নাই বন বিভাগৰঃ অকাল মৃত্যুক সাবতিলে বুধেশ্বৰে
কৃষক সমন্বয় দিৱসঃ দেৱনাথ মুছাহাৰীলৈ "কৃষক সমন্বয় বঁটা ২০২৩"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in