/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ba4525f2-bbda-476f-8a76-5527521e4f27/Golaghat_baan.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ ৩টা ৰাজহ চক্ৰৰ ৩৪ খন গাঁৱৰ ১৯ হাজাৰৰো অধিক লোক সাম্প্ৰতিক বানৰ কবলত। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বোকাখাত ৰাজহ চক্ৰৰ ২৩ খন গাওঁ, দেৰগাঁও ৰাজহ চক্ৰৰ ৭ খন গাওঁ আৰু খুমটাই ৰাজহ চক্ৰৰ ৪ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। লগতে সাম্প্ৰতিক বানত জিলাখনৰ ১৩২ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৬০০ৰো অধিক পশুধন বানৰ কবলত পৰিছে। দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ শংকৰদেৱ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা এটা আশ্ৰয় শিবিৰত শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/aa3c1566-e2d7-4be3-9545-4f78735ddfa1/a22fc6ae_871e_42b6_9798_96725556546b.jpg)
গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ বান পৰিস্থিতিৰ পৰা উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহে যুদ্ধকালীন ক্ষীপ্রতাৰে বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য সামগ্ৰী যোগান, পানী, অনাময় ব্যৱস্থা, স্বাস্থ্য শিবিৰ আদিৰ ব্যৱস্থা কৰাত তৎপৰ হৈ পৰিছে। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে শনিবাৰে দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6df431c9-6ddc-4689-9abf-ab874a4171fb/78e02088_3cbd_4407_bde1_5f3571927818.jpg)
তেওঁ ৰাজহ চক্ৰটোৰ অধীনৰ চিকাৰীঘাট মিলনপুৰৰ শংকৰদেৱ বহুমুখী মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আশ্ৰয় শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, প্ৰয়োজন অনুসৰি প্ৰাথমিক চিকিৎসা, পৰিষ্কাৰ পৰিচ্ছন্নতা আদি দিশসমূহৰ বুজ লয়। তেওঁ বান ক্ষতিগ্ৰস্ত লেমচাপৰি, নতুন চাপৰি আৰু চিৰিশটিকা আদি অঞ্চলো পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁৰ সৈতে উপস্থিত থাকে দেৰগাঁও ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীত দাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/15b62556-c8f0-49bf-a391-f3a7242fc964/f70e4a10_d046_4934_99da_bf75fbf6773f.jpg)
আনহাতে, বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ নিকৰি, শিলজুৰি, কাকজুৰি, ধনশিৰি হাঁহচৰা, বামুনগাঁও, বেজগাঁও আদিকে ধৰি ১৭ টা স্থানত স্থাপন কৰা সাহায্য কেন্দ্ৰত শনিবাৰে জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী যোগান ধৰা হয়। জিলা প্ৰশাসনৰ ফালৰ পৰা বান ক্ষতিগ্ৰস্ত এলেকাসমূহত চাউল, দাইল, নিমখ, মিঠাতেল, পশুখাদ্য, মম, মষ্কুইট' কয়ল, ছেনিটেৰী নেপকিন আদি বিতৰণ কৰা হৈছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰ আৰু প্রাধিকৰণৰ ক্ষেত্ৰ বিষয়াসকলেও বান ক্ষতিগ্রস্ত বিভিন্ন ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/cb260d0e-e1f4-4f72-b77c-2c5cd7089c76/dd97bf20_4d3a_4446_b28a_88187ca070aa.jpg)
ইফালে গোলাঘাট জিলাৰ বান ক্ষতিগ্ৰস্ত বোকাখাত মহকুমাৰ বিভিন্ন ঠাইত জিলাখনৰ স্বাস্থ্য বিভাগৰ ভ্ৰাম্যমাণ চিকিৎসা গোটে সেৱা অব্যাহত ৰাখিছে। বোকাখাত মহকুমাৰ বোকাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ যোগনীয়া অঞ্চলত ভ্ৰাম্যমাণ চিকিৎসা সাহায্য শিবিৰ অনুষ্ঠিত কৰা হয়। ভ্ৰাম্যমাণ চিকিৎসা গোটৰ লগতে উপ-স্বাস্থ্য কেন্দ্ৰৰ দলে অসুস্থ লোকসকলৰ চিকিৎসা অব্যাহত ৰাখিছে। লগতে দুগৰাকী গৰ্ভৱতী মহিলাক অস্থায়ী আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ce81f8f0-0037-4501-8a06-4c8fcbfdb6ab/135c4def_af1d_4785_a8d0_c33950812200.jpg)
পশুপালন আৰু পশুচিকিৎসা বিভাগেও জিলাখনৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পশুধনৰ চিকিৎসাৰ বাবে ঠায়ে ঠায়ে শিবিৰ অনুষ্ঠিত কৰিছে। আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানী যোগান আৰু আশ্ৰয় শিবিৰত অনাময় ব্যৱস্থাৰ বাবে ব্যাপক তৎপৰতাৰে কাম অব্যাহত ৰাখিছে। দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ বান ক্ষতিগ্ৰস্ত ধোদাং ভেকেলী অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত পানী পৰিশোধনৰ বাবে ব্লিছিং আৰু অন্য ৰাসায়নিক সামগ্ৰী বিতৰণ কৰাৰ লগতে টিউবৱেল স্থাপন কৰি পানীৰ ব্যৱস্থা কৰা হৈছে।
Also Read: বঢ়মপুৰত নৱসূৰুজ গোষ্ঠীৰ "নাট আৰু নৃত্য" কৰ্মশালা...