/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6a677bf5-6fac-478b-8f78-136413c3c519/Golaghat_pani.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : দেওবাৰৰ নিশা অহা এজাক ধাৰাষাৰ বৰষুণৰ পাছতে সোমবাৰে জলমগ্ন গোলাঘাট চহৰৰ কেইবাটাও ৱাৰ্ডৰ বাট-পথ তথা বাসভৱন। কৃত্ৰিম বানপানীত বুৰ যোৱা চহৰখনৰ ১, ৩ আৰু ৪ নং ৱাৰ্ডত ভয়াৱহ ৰূপ ধাৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2e4ec9a2-8128-4ae4-bb4f-3dbbd3fe2f7f/80dfe186_05ab_41d8_b8df_8f9372b1cbc0.jpg)
এই কৃত্ৰিম বানপানীৰ ভয়াৱহ ৰূপত বাসিন্দাসকলৰ লগতে পথাচাৰীয়ে সন্মুখীন হয় সমস্যাৰ। চহৰৰ হিন্দী স্কুল ৰোড, ন-পুৰ, তপন নগৰ, এৰেঙ্গাপাৰা আদি অঞ্চলৰ বাট-পথ পানীৰ তলত ডুব যোৱাৰ ফলত ছাত্র-ছাত্ৰী অথবা পথাচাৰীয়ে দুৰ্ভোগ ভুগিব লগীয়া হয়। উল্লেখ্য যে, প্ৰয়োজনীয় নলা নৰ্দমা নোহোৱাৰ বাবেই বৰষুণৰ পানীয়ে যেনি তেনি বৈ গৈ বাট-পথ সমূহ বুৰাই পেলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/961f828d-1e77-4fce-9cc8-7f1385bc7d7e/aab7f7bb_5a49_41c9_81c3_1001cf1f39db.jpg)
মন কৰিব লগীয়া কথা চৰকাৰে গোলাঘাট চহৰৰ উন্নয়নৰ বাবে মঞ্জুৰ কৰা এশকোটি টকাৰে চহৰখনৰ বাট-পথ সমূহ আৰু নলা-নৰ্দমা নিৰ্মাণৰ কাম-কাজ চলি আছে যদিও এনে বোৰ কাম কাজ কৰোতে উপযুক্ত পৰিকল্পনা আৰু বিজ্ঞানসন্মত ধাৰণাক গুৰুত্ব নিদিয়াৰ বাবেই এই নলা-নৰ্দমাবোৰে সঠিক ভাৱে পানী নিষ্কাষণ কৰাত ব্যৰ্থ হৈছে। ইয়াৰ ফলত কোটি কোটি চৰকাৰী টকা পানীত পৰাৰহে পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0bf0f6ac-6ba7-4634-b187-2ffc781f59c5/52a9992d_97e6_4816_825e_3b6c4bb7f953.jpg)
Also Read: পথত গাঁত দেখিলেই লখিমপুৰবাসীয়ে খবৰ দিয়ক ৬০০০১ ৮৮৬২৮ নম্বৰত...