/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6ffc6fc7-417b-49e7-8fe3-2145cb1e9819/dumper_19.jpg)
গোলাঘাটৰ ৰাজপথত জ্বলি উঠিল ডাম্পাৰ...
ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ জিলাৰ মাজেৰে অতিক্ৰমি যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত আজি দাও দাওকৈ জ্বলি উঠিল এখন চলন্ত ডাম্পাৰ। জানিব পৰা অনুসৰি AS 05 AC 2611 নম্বৰৰ ডাম্পাৰখনে শিল লৈ উৰিয়ামঘাটৰ পৰা ৰঙাজান অভিমুখে আহি থাকোতেই ডাম্পাৰ খন হঠাৎ দাও দাওকৈ জ্বলি উঠে।
সন্দেহ অনুসৰি তেলৰ টেংকিৰ পৰা তেল নিগৰিত হৈ ফিৰিঙতিৰ পৰাই এই জুইৰ সুত্ৰপাত হয়। পাছত গোলাঘাটৰ পৰা যোৱা অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ কৰে যদিও অগ্নিকাণ্ডত ডাম্পাৰখন সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়। অৱশ্য এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।
Also Read: সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ ৩৪ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন...