অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ প্ৰস্তুতি ...

অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'ব ।

author-image
Asomiya Pratidin
New Update
অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ প্ৰস্তুতি ...

APSC

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'ব ।

Advertisment

প্ৰাৰম্ভিক পৰীক্ষা গোলাঘাটৰ কেন্দ্ৰসমূহত সুচাৰুৰূপে সম্পন্ন কৰা সন্দৰ্ভত মঙলবাৰে গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত অংশ লৈ অসম লোকসেৱা আয়োগৰ সদস্য ডঃ পদ্মা শৰ্মাই এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত সবিশেষ বুজ লয় । তেওঁ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন অথবা কোনো ইলেকট্ৰনিক সামগ্ৰী আদি কোনো পৰীক্ষাৰ্থীয়ে যাতে নিব নোৱাৰে তাৰোপৰি কোনো লোকে অকৰ্তৃত্বশীলভাৱে যাতে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক হ'বলৈ আৰক্ষীৰ লগতে ইয়াৰ দায়িত্বত থকাসকলৰ প্ৰতি আহ্বান জনায় ।

বৈঠকত গোলাঘাট জিলাত এই পৰীক্ষাৰ নডেল বিষয়া অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকা, অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী অঞ্জন পণ্ডিত, সংশ্লিষ্ট বিষয়াসকল আৰু পৰীক্ষা কেন্দ্ৰৰ ছুপাৰভাইজাৰ সকল উপস্থিত আছিল ।

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ চাৰিটা কেন্দ্ৰ দেৱৰাজ ৰয় কলেজ, কমাৰ্চ কলেজ, এইচ পি বি গাৰ্লছ কলেজ আৰু চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হ'ব । জিলাখনৰ মুঠ ২১০৩ গৰাকী প্ৰাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব । পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ দুয়োবেলা অনুষ্ঠিত হ'ব পৰীক্ষা। ইতিমধ্যে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহায় হোৱাকৈ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। নিয়ন্ত্ৰণ কক্ষৰ নম্বৰটো হ'ল ০৩৭৭৪২৮৩২৮২ ।

Also Read: "শাসকীয় বিজেপি দল গনতন্ত্ৰৰ মালিক নহয়, টেন্ট হাউছ হে"...