তিনিদিন ধৰি নিৰুদিষ্ট ঢেকীয়ালৰ বকুল কাশ্যপ...

আৰক্ষীৰ দায়সৰা মন্তব্য: তিনিদিন ধৰি নিৰুদিষ্ট ঢেকীয়ালৰ বকুল কাশ্যপ

author-image
Asomiya Pratidin
New Update
তিনিদিন ধৰি নিৰুদিষ্ট ঢেকীয়ালৰ বকুল কাশ্যপ...

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ চুমনীগাও আৰক্ষী চকীৰ অন্তৰ্গত ঢেকীয়ালৰ মলিয়াগাঁৱৰ এজন ২৮ বছৰীয়া যুৱক যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ ঘটনাই পৰিয়ালটোক উদ্বিগ্ন কৰি তুলিছে স্থানীয় ৰাইজক। ঢেকীয়ালৰ মলিয়াগাঁৱৰ প্ৰয়াত নবীন পাঠক আৰু লাৱণ্য দেৱীৰ একমাত্ৰ পুত্ৰ যুৱকৰ নাম বকুল পাঠক ৷

Advertisment

ঘৰখনৰ মূল ব্যক্তি নবীন পাঠকৰ মৃত্যুৰ পিছত ঘৰখনত আছিল ৭২ বছৰীয়া ৰুগীয়া বৃদ্ধা মাতৃ আৰু একমাত্ৰ পুত্ৰ বকুল কাষ্যপ ৷ বিগত ৩১ মাৰ্চৰ বিয়লি বকুলে হাতত কাঁচি আৰু এটা বস্তা লৈ নিজৰ তিনি জাৰ্চি গাইৰ বাবে ঘাঁহ কাতিবলৈ ওলাই গৈছিল ৷ আৰু সেই সময়ৰ পৰাই বকুল ঘৰলৈ উভতি অহা নাই ৷ বকুল নোহোৱা হোৱাত আত্মীয়ই নিশা বাৰ বজাৰ পিছত চুমনিগাওঁ আৰক্ষী চকীলৈ গৈ এজাহাৰ দাখিল কৰে ৷

কিন্তু দুদিনৰ পিছতো প্ৰাথমিক তদন্তৰ বাবেও ঘটনাস্থলীলৈ আহিবলৈ আৰক্ষীৰ সময় নোহোৱাত তেওঁৰ আত্মীয়ই পুণৰ চুমনিগাওঁ আৰক্ষী চকীলৈ যোৱাত আৰক্ষীয়ে জনাই দিয়ে যে তদন্তৰ বাবে থানাৰপৰা আৰক্ষীলোক নাযায় ৷ গতিকে কিবা তথ্য পালে আৰক্ষীক জনাবলৈ কয় ৷

তেওঁলোকে দিয়া এজাহাৰৰ ফটো কপি এটা বিচৰাত আৰক্ষীয়ে বকুলৰ পৰিয়ালক এজাহাৰখনৰ এটা জেৰক্স কপিও নিদিলে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷ ৩১ মাৰ্চৰ পৰা বৰ্তমান পৰ্যন্ত সমগ্ৰ গাওঁবাসীয়ে বকুলক বিচাৰি চলাথ কৰিছে যদিও বকুলৰ শুংসূত্ৰ ওলোৱা নাই ৷ আৰক্ষীৰ অবিবেচক সিদ্ধান্তই পৰিয়ালৰ লগতে গাঁওবাসীক চিন্তিত কৰি তুলিছে ৷

Also Read: মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি খালিস্তানীৰ, তৎপৰ অসম আৰক্ষী...

Assam police