বাঘ হত্যাৰ অভিযোগত এজনক ৭বছৰ কাৰাদণ্ড...

বাঘ হত্যাৰ অভিযোগত এজনক ৭বছৰ কাৰাদণ্ড...

author-image
Asomiya Pratidin
New Update
বাঘ হত্যাৰ অভিযোগত এজনক ৭বছৰ কাৰাদণ্ড...

ডিজিটেল সংবাদ, গোলাঘাটঃ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত বুধবাৰে গোলাঘাটৰ আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দানপ্ৰদান কৰে। ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত ধেলা ওৰাং নামৰ এজন লোকে ২০১৬ চনতে এটা নাহৰফুটুকী বাঘ হত্যা কৰি তাৰ মঙহ ভাগ কৰি বিতৰণ কৰি থকা অৱস্থাতে বনবিভাগৰ লোকে হাতেলোতে ধৰা পেলাই ধেলা ওৰাং আৰু অন্য পাচ জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল।

Advertisment

আদালতে সাক্ষী বাদী গ্ৰহণ কৰাৰ পাছত আজি ধেলা ওৰাঙক দোষী সাব্যস্ত কৰি ৭ বছৰৰ জেল আৰু ৫০হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত চাৰি মাহৰ কাৰাদণ্ডৰো নিৰ্দেশ দিয়া হয়। আনহাতে সাক্ষী বাদীৰ অভাৱত বাকী অভিযুক্তসকলক ৰেহাই দিয়া হয়।

Also Read: কংগ্ৰেছ-বিজেপি-অগপক বিশ্বাসঘাতক আখ্যা ৰাজীৱ শইকীয়াৰ...

golaghat