/asomiyapratidin/media/media_files/2025/05/05/s0univrlM006KpAy58ot.jpg)
ডিজিটেল সংবাদ গোলাঘাটঃ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ উত্তেজনা চলি থকাৰ মাজতে আজি হঠাৎ গোলাঘাটৰ শালিকীহাটৰ গৰৈচুক দলনি পথাৰত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰে জৰুৰী অৱতৰণ কৰাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা আৰু কৌতুহলে বিৰাজ কৰে। বিয়লি প্ৰায় ৩-৩০ বজাত সেনা বাহিনীৰ ZI443 হেলিকপ্টাৰখনে এইদৰে পথাৰত অৱতৰণ কৰা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মাজত যথেষ্ট উৎসুকতা পৰিলক্ষিত হয়।
জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ বাবেই এইদৰে পথাৰত জৰুৰী অৱতৰণ কৰা হৈছিল হেলিকপ্টাৰখন। প্ৰায় ডেৰ ঘণ্টা ধৰি সেই স্থানতে থকাৰ পাছত, মেৰামতিৰে যান্ত্ৰিক বিজুতি দূৰ কৰি পুনৰ হেলিকপ্টাৰখনে উৰা মাৰে।
ইফালে শালিকীহাটৰ গৰৈচুক দলনি পথাৰত হেলিকপ্টাৰ অৱতৰণৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ মানুহৰ পথাৰলৈ আগমণ ঘটে আৰু হেলিকপ্টাৰখন অতি কাষৰ পৰা চাবলৈ চেষ্টা কৰে। সেই সময়ত হেলিপ্টাৰখনত ৩ জন জোৱান আছিল বুলিও জানিব পৰা গৈছে।
যুদ্ধ উত্তেজনাৰ মাজতে এইদৰে খেতি পথাৰত এখন সেনা বাহিনীৰ যুদ্ধ বিমানে অৱতৰণ কৰা বিষয়টোক লৈ এতিয়াও অঞ্চলটোত প্ৰতিক্ৰিয়া অব্যাহত আছে। অৱশ্যে হেলিকপ্টাৰখন অৱতৰণ কৰাৰ ঠিক পাছতেই একাধিক ভুৱা খবৰো সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰাও প্ৰত্যক্ষ কৰে বহুজনে।