গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ ১২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ...

গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ ১২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ...

author-image
Asomiya Pratidin
New Update
গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ ১২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ...

গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ ১২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ...

ডিজিটেল সংবাদ গোলাঘাটঃ শতবৰ্ষ অতিক্ৰম কৰি ১২৯ বৰ্ষত ভৰি দিয়া অসমৰ অন্যতম ঐতিহ্যমণ্ডিত নাট্য মঞ্চ গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ আজিৰে পৰা আৰম্ভ হৈছে ১২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে পুৱাতে চ'চাইটিৰ বাকৰিত পতাকা উত্তোলন কৰে এমেচাৰ থিয়েটাৰ চচাইটিৰ সভাপতি ডাঃ অজিত বৰুৱাই ।

Advertisment

ইয়াৰ পিছতে চ'চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় চ'চাইটিৰ প্ৰতিষ্ঠাপক সকলৰ পৰা জড়িত বিষয়ববীয়া, অভিনেতা, অভিনেত্ৰী, কলা -কুশলী আৰু অনুষ্ঠাটোৰ লগত জড়িত প্ৰয়াত ব্যক্তিসকলক।

গ্ৰাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে চ'চাইটিৰ প্ৰাক্তন উপ- সভাপতি তথা প্ৰবীন শিল্পী নবীন নাথে। অনুষ্ঠানত সভাপতি ডাঃ অজিত বৰুৱা, প্ৰাক্তন সম্পাদক তথা প্ৰবীন সদস্য বীৰেন্দ্ৰ নাথ শৰ্মা, জ্যেষ্ঠ সদস্য দ্বীজেন ঠাকুৰৰ পিছতে প্ৰেক্ষাগৃহত উপষ্ঠিত সকলোৱেই স্মৃতি বেদীত একোপাহি ফুলেৰে পুস্পাঞ্জলি অৰ্পণ কৰে এমেচাৰ থিয়েটাৰ চ'চাইটিলৈ সেৱা আগবঢ়াই যোৱা প্ৰয়াত লোকসকলৰ স্মৃতিত।

চ'চাইটিৰ প্ৰশাসনীয় সম্পাদক দীপমনি খাটনীয়াৰে পৰিচালনা কৰা এই অনুষ্ঠানত চ'চাইটিৰ অতীত বৰ্ণনা কৰে সভাপতি ডাঃ অজিত বৰুৱা, বীৰেন্দ্ৰ নাথ শৰ্মা, দ্বীজেন ঠাকুৰ আৰু নবীন নাথে। অন্যহাতে আজি সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'ব মুকলি সভা আৰু বটাঁ প্ৰদান অনুষ্ঠান।

বটাঁ প্ৰদান অনুষ্ঠানত চ'চাইটিৰ চলিত বৰ্ষৰ বটাঁসমূহ প্ৰদান কৰা হ'ব । এই বটাঁ প্ৰদান অনুষ্ঠানত 'হৰিপদ চেতিয়া ৰাজ্যিক বঁটা' বিশিষ্ট নাট্য শিল্পী সীমান্ত ফুকনক, 'এমেচাৰ থিয়েটাৰ চ'চাইটি বঁটা হৰিপ্ৰসাদ বৰঠাকুৰ উদীয়মান শিল্পী বঁটা' প্ৰিনাক্ষী প্ৰিয়া দত্ত আৰু অক্ষয়া ৰনধীৰক প্ৰদান কৰা হ'ব ।

চ'চাইটিৰ সভাপতি ডাঃ অজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব চ'চাইটিৰ বিশেষ আমন্ত্ৰিত সদস্য তথা বিত্তমন্ত্ৰী অজন্তা নেওগ, বিশিষ্ট নাট্য শিল্পী ড০ অৰূপ বৰঠাকুৰ , বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰা, গোলাঘাট জিলাৰ উন্নয়ন আয়ুক্ত অৰ্পা বৰবৰা, হৰিপদ চেতিয়া বঁটাৰ দাঁতা পৰিয়ালৰ শিক্ষাবিদ ৰেখা ফুকন ।

প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনা ২৬ নৱেম্ববৰৰ সন্ধিয়া ৬.৩০ বজাত যোৰহাট থিয়েটাৰে মঞ্চায়ন কৰিব ৰূপ কুমাৰ বৰাৰ ৰচনা আৰু পৰিচালনাৰে নাটক "জীৱন জিন্দাবাদ " ।

Also Read: পলাল 'ফ্লাই বিগ' ! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰিছিল ফ্লেগ অফ...

গোলাঘাট এমেচাৰ থিয়েটাৰ