/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/25dc0094-98f3-4bc8-b6c1-5b1f05518db3/accident.jpg)
accident
ডিজিটেল সংবাদ, গোলাঘাট: ৰাজ্যৰ প্ৰায় সকলো ঠাইতে ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈছে সাধাৰণ জনতা। ডাম্পাৰৰ দৌৰাত্ম্যৰ কোবত বহু সময়ত প্ৰাণ গৈছে পথাচাৰীৰ। সেই একেই অনুৰূপ ঘটনা ঘটিল গোলাঘাটত।
গোলাঘাটত কালৰূপী ডাম্পাৰে জীৱন ল'লে এজনৰ। গোলাঘাট জিলা প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব নোৱাৰা বালি ভৰ্তি ডাম্পাৰে প্ৰাণ নিলে এজন পথাচাৰীৰ। স্কুতিৰে গৈ থকা অৱস্থাত বালি ভৰ্তি ট্ৰাকে মহটিয়াই লোকজনক।
গোলাঘাটৰ লুৰুকিহাতত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনা স্থলীতেই নিহত হোৱা লোকজনৰ নাম ব্ৰজেন গগৈ বুলি জানিব পৰা গৈছে। ঘটনা স্থলীত ইতিমধ্যই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Also Read: দৰ্শকেও গঢ়িব নেকি ৱৰ্ল্ড ৰেকৰ্ড ? লানি নিচিঙা শাৰী কলাক্ষেত্ৰৰ সন্মুখত...