/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
ei muhurtar khabar
ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত দ-বৰাহীৰ খাৰজান নদীৰ বাঢ়নী পানীত বৃহস্পতিবাৰে এজন লোক উটি যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি খাৰজান নদীৰ কাষত নিৰ্মল বৰা (৫০) নামৰ লোকজনে মহ চৰাবলৈ গৈ নদীৰ মেটেকা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে হঠাৎ নদীৰ বুকুত সন্ধানহীন হয়।
ঘটনাৰ খবৰ পায় স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ততাতৈয়াকৈ ফেনে ফুটুকাৰে উফন্দি থকা খাৰজান নদীত এচ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলঘাটলৈ প্ৰেৰণ কৰে। এই ঘটনাৰ পিছত অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।