/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/eeda514d-bb1c-43d5-9085-0b30fb7135ee/GOLAGHAT_14.jpg)
গোলাঘাটৰ ফৰকাটিং ৰে'লৱে জংচনত ড্ৰাগছৰ সৈতে ছাত্ৰীক গ্ৰেপ্তাৰ...
ডিজিটেল সংবাদ গোলাঘাটঃ নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গোলাঘাটৰ মাজেৰে ৰে'ল যোগে ড্ৰাগছ সৰবৰাহৰ এক তথ্য গোপন সূত্ৰে গোলাঘাটৰ আৰক্ষীয়ে লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দলে ফৰকাটিং ৰে'লৱে জংছনত অভিযান চলায়। এই অভিযানত ডিম্পি বড়ো নামৰ এগৰাকী ২১ বছৰীয়া ছাত্ৰীৰ পৰা বহু পৰিমাণৰ হেৰইন উদ্ধাৰ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/24c124c3-1968-4bc7-b143-6cff333a7ce9/b1c6b372-b78a-46f9-aa4f-0c949135794c.jpg)
গোলাঘাট জিলাৰ সৰুপথাৰৰ নাওজানৰ মিলন চুকৰ বাসিন্দা ৰামানন্দ বড়োৰ কন্যা এই ছাত্ৰীগৰাকীয়ে ৬ টা পেকেটত ৭২-২৯ গ্ৰাম হিৰইন তেওঁৰ শৰীৰত লুকুৱাই আনিছিল।
জেৰাৰ সময়ত ছাত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁক উক্ত হেৰইনখিনি জনৈক সূৰজ চেত্ৰীৰ হাতত ডেলিভাৰী দিবলৈ কোৱা হৈছিল। সেই অনুসৰি আৰক্ষীয়ে সুৰুজ চেত্ৰীৰ গোলাঘাটৰ ভাড়া ঘৰত তালাছী চলাই মুঠ নগদ ১,৩৪,০০০ টকা, ৩ টা মোবাইল ফোন আৰু এখন হোণ্ডা ডিঅ' স্কুটি জব্দ কৰাৰ লগতে সূৰুজ চেত্ৰীকো আতক কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4c905f2a-07da-4572-952d-5f6d133bd00e/42f79bfe-6ad0-4172-8025-cfd492787806.jpg)
Also Read: নামৰূপত ২৫ মেগাৱাত সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন