Advertisment

বৰপথাৰত 'আপকু'ৰ সাধাৰণ সভা সম্পন্ন...

আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন('আপকু')ধনশিৰি মহকুমা সমিতিৰ এখন দ্বি-বাৰ্ষিক সাধাৰণ সভা আজি সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰৰ শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
বৰপথাৰত 'আপকু'ৰ সাধাৰণ সভা সম্পন্ন...

বৰপথাৰত 'আপকু'ৰ সাধাৰণ সভা সম্পন্ন...

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন('আপকু')ধনশিৰি মহকুমা সমিতিৰ এখন দ্বি-বাৰ্ষিক সাধাৰণ সভা আজি সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰৰ শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত অনুষ্ঠিত হয়। 'আপকু' ধনশিৰি মহকুমা সমিতিৰ সভাপতি তুলসী চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমিতিৰ সম্পাদক অনুজ বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

Advertisment

উদ্দেশ্য ব্যাখ্যাৰ পিছতে সভাত ৰাজ্যখনৰ বহুকেইগৰাকী সাংবাদিক, বুদ্ধিজীৱী তথা বিশিষ্ট ব্যক্তিৰ বিভিন্ন কাৰণত হোৱা অকাল মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ১ মিনিট মৌনতা অৱলম্বন কৰে। সভাত সমিতিৰ সম্পাদক অনুজ বৰাই 'আপকু' ধনশিৰি মহকুমা সমিতিৰ দুবছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে।

'আপকু' ধনশিৰি মহকুমা সমিতিৰ জ্যেষ্ঠ সদস্য হেমন্ত কুমাৰ মহন্ত, বিবেকানন্দ দত্ত, বিপুল শৰ্মা, ৰাকেশ যাদৱ,স্বপন চক্ৰৱৰ্তী, দেৱাশীষ শৰ্মাৰ লগতে নৱাগত সদস্যসকলে প্ৰতিবেদনৰ বিভিন্ন দিশত বহল ব্যাখ্যা আগবঢ়াই। এই সভাতে 'আপকু' ধনশিৰি মহকুমা সমিতিখনৰ দুবছৰীয়া কাৰ্যকালৰ ম্যাদ অন্ত পৰাত সমিতিখন ভংগ কৰি পুনৰ নতুন সমিতি গঠন কৰা হয়।

'আপকু' কাৰ্বিআংলং জিলা সমিতিৰ সভাপতি দিগন্ত মহন্ত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাতে পুনৰ সৰুপথাৰৰ তুলসী চুতীয়াক সভাপতি, ৰাকেশ কুমাৰ যাদৱক উপ-সভাপতি, বৰপথাৰৰ অনুজ বৰাক সম্পাদক, দেৱাশীষ শৰ্মাক সহ-সম্পাদক, স্বপন কুমাৰ চক্ৰৱৰ্তীক কোষাধ্যক্ষ, ভূপেন শইকীয়াক পত্ৰিকা সম্পাদক, বিবেকানন্দ দত্তক কেন্দ্ৰীয় সমিতিৰ মনোনীত সদস্য হিচাপে লৈ  'আপকু' ধনশিৰি মহকুমা সমিতিখন শক্তিশালী ৰূপত নতুনকৈ গঠন কৰা হয়।

সভাত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি, 'আপকু'ৰ সদস্যসকলৰ নৱীকৰণ, নতুন সদস্যৰ অন্তৰ্ভুক্তি, সাংগঠনিক দিশ আদিৰ লগতে আগন্তুক ঢেকীয়াজুলিত অনুষ্ঠিত হ'ব লগা 'আপকু'ৰ কেন্দ্ৰীয় সমিতিৰ দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশনত অংশ গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৫ গৰাকীতকৈও অধিক সংবাদকৰ্মী উপস্থিত থাকে।

বৰপথাৰ আপকু