অগণন ভক্তৰ সমাগমেৰে সম্পন্ন গৰখীয়া সবাহ

অগণন ভক্তৰ সমাগমেৰে সম্পন্ন গৰখীয়া সবাহ

author-image
Asomiya Pratidin
New Update
অগণন ভক্তৰ সমাগমেৰে সম্পন্ন গৰখীয়া সবাহ

ডিজিটেল সংবাদ, গোলাঘাটঃ প্ৰায় দুশ বছৰীয়া পৰম্পৰা। সেই পৰম্পৰাক সাৰোগত কৰি অব্যাহত আছে লোকবিশ্বাস। এই লোকবিশ্বাসে আজি গোলাঘাট জিলাৰ অকামলুৱা গাঁৱক পৰ্যবসিত কৰিছে জন সমুদ্ৰত।

Advertisment

প্ৰতি বছৰৰ কাতি মাহৰ যিকোনো এটা দেওবাৰে পালিত এক সকাম। পৰম্পৰাগত দুশ বছৰ ধৰি পালিত হৈ আহিছে ভক্তি মাৰ্গৰে গৰখীয়া সকাম অথবা ভোগদীয়া সকাম। অদৃশ্য জনৰ ওচৰত মনোকামনাৰ্থে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ ভক্তৰো সমাগম ঘটে এই গৰখীয়া সকামত।

এজোপা বটবৃক্ষক সাক্ষী কৰি বিশেষ দিনটোত পূজা, অৰ্চনা কৰা হয়। ভক্তই অদৃশ্য জনৰ ওচৰত উচৰ্গা কৰে আমৰলীয়া হাঁহ আৰু কোমোৰা। জনশ্ৰুতি আৰু লোকবিশ্বাস মতে আধ্যাত্মিকতাৰে পালিত এই অনুষ্ঠানত হাঁহ,কোমোৰা উচৰ্গা কৰি সেৱা গ্ৰহণ কৰিলে মনোকামনা পূৰ্ণ হয়। গোলাঘাট জিলাৰ অকাঁমলুৱা বৰগুৰি সমন্বয় ক্ষেত্ৰত প্ৰতি বছৰৰ কাতি মাহৰ যিকোনো এটা দেওবাৰত পালিত হৈ আহিছে এই ভক্তিমাৰ্গৰ অনুষ্ঠান।

Also Read: লামডিঙত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

garakhiya somaj