/asomiyapratidin/media/media_files/2024/11/29/g1XiJ4JNRkWOM66meecG.png)
ডিজিটেল সংবাদ গোলাঘাট: গোলাঘাটত প্ৰথম বাৰৰ আৰক্ষীয়ে বাজেয়াপ্ত কৰিলে গাঞ্জা সৰবৰাহকাৰীৰ অট্টালিকা। শুল্ক বিভাগৰ জাননী অনুযায়ী গোলাঘাটৰ আৰক্ষীয়ে বাজেয়াপ্ত কৰে এই গাঞ্জা সৰবৰাহকাৰীৰ অট্টালিকাটো ।
বিজিত নাথ ওৰফে বনগুটি নামৰ লোকজনক কেইমাহ মানৰ পূৰ্বে গাঞ্জাসহ গ্ৰেপ্তাৰ কৰিছিল গোলাঘাটৰ আৰক্ষীয়ে। ইয়াৰ পিছতে গোলাঘাটৰ আৰক্ষীয়ে শুল্ক বিভাগলৈ আবেদন কৰিছিল ।
আয়ৰ উৎস সঠিকভাবে জনাব পৰা নাছিল গাঞ্জা সৰবৰাহকাৰী বিজিত নাথে। তেওঁ নিৰ্মাণ কৰা কোটি টকীয়া অট্টালিকাক লৈয়ো উত্থাপন হৈছিল প্ৰশ্ন।
উল্লেখ্য যে আৰক্ষীৰ দ্বাৰা সম্পত্তি বাজেয়াপ্ত ঘটনা গোলাঘাটত এইটোৱে প্ৰথম।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us