কাৰাগাৰত মৃত্যুবৰণ কৰা অসমৰ প্ৰথমগৰাকী মুক্তিযোদ্ধা দ্বাৰিকী দাসৰ নামত পথ নামকৰণ

মৰঙি ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ উদ্যোগত বৃহৎ ৰাজহুৱা সভা
কাৰাগাৰত মৃত্যুবৰণ কৰা অসমৰ প্ৰথমগৰাকী মুক্তিযোদ্ধা দ্বাৰিকী দাসৰ নামত পথ নামকৰণ
Published on
Updated on

ডিজিটেল সংবাদ, নুমলীগড় : মুক্তিযোদ্ধা শ্বহীদ দ্বাৰিকী দাস পথ নামেৰে নামাংকিত হ'ল গোলাঘাট জিলাৰ তেলগৰম-বুঢ়াগোহাঁইখাট সংযোগী পথ। পৰাধীনতাৰ শিকলি চিঙি ভাৰতবৰ্ষলৈ স্বাধীনতা অনাত দেশৰ ভিন্ন প্ৰান্তৰৰ জনসাধাৰণৰ লগতে গোলাঘাট জিলাৰ মৰঙি মৌজাবাসীৰো উল্লেখনীয় অৱদান আছিল৷ দেশপ্ৰেমৰ অগ্নিমন্ত্ৰ বুকুত বান্ধি স্বাধীনতাৰ সপোন সন্মুখত লৈ মৰঙি মৌজাৰ সু-সন্তানসকলে সন্মুখৰ পৰা স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল৷

তাৰ ভিতৰত এগৰাকী অন্যতম মুক্তিযোদ্ধা আছিল দ্বাৰিকী দাস ৷ স্বামী স্বাধীনতা সংগ্ৰামী আনন্দিৰাম বৰুৱা (দাস)ৰ সৈতে স্বাধীনতা সংগ্ৰামত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছিল দ্বাৰিকী দাসে। ১৯৩২ চনত দেশত চলা আইন অমান্য আন্দোলনৰ অংশ হিচাপে মাদক দ্ৰব্য নিবাৰণী আন্দোলনত অংশগ্ৰহণ কৰি গোলাঘাটত বিদেশী বস্ত্ৰ বিক্ৰী কৰা দোকান, মদৰ মহল আৰু কানিৰ মহলত পিকেটিং কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷

উল্লেখ্য যে, সন্তানসম্ভৱা অৱস্থাতে স্বাধীনতা সংগ্ৰামত নামি পৰিছিল দ্বাৰিকী দাস৷ গৰ্ভস্থ সন্তানৰ নিৰাপত্তাৰ কথা চিন্তা কৰি অন্য মহিলাৰ দৰে ঘৰৰ চাৰিবেৰৰ ভিতৰত আৱদ্ধ হৈ নাথাকি সাহসী, দেশপ্ৰেমিক দ্বাৰিকী দাস বৃটিচৰ বিৰুদ্ধে আগবাঢ়ি গৈছিল সাহসেৰে৷

১৯৩২ চনৰ ফেব্ৰুৱাৰীত গোলাঘাটত পিকেটিং কৰি আইন শৃংখলা ভঙ্গ কৰাৰ অপৰাধত দ্বাৰিকী দাসক গ্ৰেপ্তাৰ কৰি ছমাহৰ সশ্ৰম কাৰাদণ্ড বিহিছিল৷ সমসাময়িকভাৱে তেওঁৰ স্বামী আনন্দি বৰুৱা (দাস) আৰু পোন্ধৰ বছৰীয়া পুত্ৰ ভূৱন চন্দ্ৰ বৰুৱাও কাৰাবন্দী হৈ আছিল৷ কাৰাবাসত থকা সময়তে উপযুক্ত যত্ন আৰু চিকিৎসাৰ অভাৱত দ্বাৰিকী দাস অসুস্থ হৈ পৰে৷

কাৰাগাৰ কতৃৰ্পক্ষই দ্বাৰিকী দাসক কাৰাগাৰৰ পৰা চৰ্তসাপেক্ষে মুক্তিৰ বাবে অনুৰোধ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল যদিও বৃটিছৰ অপমানজনক চৰ্ত মানি জেলৰ পৰা ৰেহাই ল’বলৈ তেওঁ অস্বীকাৰ কৰে৷ দুৰ্ভাগ্যজনকভাৱে ১৯৩২ চনৰ ২৬ এপ্ৰিলৰ দিনা এইগৰাকী মহিয়সী নাৰীয়ে শিৱসাগৰ কাৰাগাৰতে গৰ্ভস্থ সন্তানসহ কৰুণ ভাবে মৃত্যুক সাৱটি লয়৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত দ্বাৰিকী দাসেই আছিল কাৰাগাৰত মৃত্যুবৰণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ৷

দেশপ্ৰেমৰ অনন্য নিদৰ্শনস্বৰূপ এইগৰাকী মুক্তিযোদ্ধাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি মৰঙি ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমৰ পৰা বুঢ়াগোঁহাইখাত সংযোগী পথটো তেওঁৰ নামত নামকৰণ কৰিবলৈ জিলা প্ৰশাসন আৰু লোকনিৰ্মাণ বিভাগক আবেদন জনাইছিল৷ এই আবেদনৰ ভিত্তিত বিধায়ক বিশ্বজিত ফুকনৰ সহযোগিতাত আজি তেলগৰম ৰঙ্গমঞ্চত অনুষ্ঠিত এখন ৰাজহুৱা সভাত তেলগৰমৰ পৰা বুঢ়াগোঁহাইখাত সংযোগী পথটো আনুষ্ঠানিকভাৱে ‘স্বাধীনতা সংগ্ৰামী,শ্বহীদ দ্বাৰিকী দাস পথ’ নামকৰণ কৰি মুক্তিযুঁজাৰুগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে৷

সমাজকৰ্মী প্ৰিয়ংদ্বীপ কাকতি আৰু বিকাশ মঞ্চৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই আঁত ধৰা সভাৰ সঞ্চালনা কৰে বিকাশ মঞ্চৰ সভাপতি মানস বৰদলৈয়ে৷ বিধায়ক বিশ্বজিত ফুকনে বন্তি প্ৰজ্বলন কৰি পথ নামকৰণৰ আনুষ্ঠানিকতা সম্পন্ন কৰে৷

বিধায়কগৰাকীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ চলি থকাৰ সময়তে স্বাধীনতা সংগ্ৰামীৰ প্ৰতি মৰঙিবাসীয়ে প্ৰদৰ্শন কৰা শ্ৰদ্ধাক ভূয়সী প্ৰশংসা কৰে৷ সভাত স্বাধীনতা সংগ্ৰামী আনন্দিৰাম বৰুৱা (দাস), দ্বাৰিকী দাস আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ তথা স্বাধীনতা সংগ্ৰামী ভূৱন চন্দ্ৰ বৰুৱাৰ পৰিয়ালবৰ্গৰ বেণীমাধৱ বৰুৱা, ডাঃ ৰাতুল বৰুৱাসহ পৰিয়ালৰ ১৫গৰাকী সদস্যক ৰাজহুৱাভাৱে বিপুল সম্বৰ্ধনা জনোৱা হয়৷

অৱসৰপ্ৰাপ্ত শিক্ষক তিতাৰাম দাস, জ্যেষ্ঠ নাগৰিক সোণেশ্বৰ শইকীয়া, শ্বহীদ পৰিয়ালৰ হৈ বেণীমাধৱ বৰুৱাই স্বাধীনতা সংগ্ৰামী দ্বাৰিকী দাসৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত মৰঙিৰ অৱদান সম্পৰ্কে বক্তব্য আগবঢ়ায়৷ নামকৰণ অনুষ্ঠানত স্থানীয় বহু গণ্য মান্য ব্যক্তিৰ লগতে মৰঙি প্ৰেছ ক্লাৱ, সদৌ অসম অনূসূচীত জাতি ছাত্ৰ সন্থা, মৰঙি আছু, আটছা, গোৰ্খা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in