/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/42d9ea3d-58fe-43d4-817e-db90bb0fb551/agp.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ ১৯৮৫ চনৰ অক্টোবৰ মাহত গোলাঘাটত জন্ম লাভ কৰি দুবাৰকৈ ৰাজ্যখনৰ শাসনৰ বাঘজৰী হাতত লোৱা অসম গণ পৰিষদে দলটোৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৪ অক্টোৱৰত এদিনীয়া কাৰ্যসূচীৰে জন্মস্থান গোলাঘাট চহৰতে ওলহ মালহেৰে উদযাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
বুধবাৰে এই কথা গোলাঘাটৰ এক সংবাদ মেলত সদৰি কৰি দলটোৰ সভাপতি অতুল বৰাই কয় যে, দলটোৰ প্ৰতিষ্ঠা দিৱস গোলাঘাটত অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় সমিতিয়ে লোৱা সিদ্ধান্ত গোলাঘাটত অনুষ্ঠিত হোৱা দলৰ গোলাঘাট জিলা সমিতিৰ বৰ্ধিত কাৰ্য নিৰ্বাহক সভাত উপস্থাপন কৰাৰ পাছতে প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
লগতে সংবাদ মেলত সভাপতি গৰাকীয়ে অগপ চৰকাৰৰ দিনতেই গোলাঘাট মহকুমাৰ পৰা জিলালৈ উন্নত হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈ গোলাঘাট জিলাত হোৱা উন্নয়নমূলক কামসমূহৰ বিষয়ে মন্তব্য কৰি দলে নতুন প্ৰজন্মৰ সদস্য ভূক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলিও জনায়।
Also Read: মৰেল পুলিছিং! মাত্ৰ ২০ টকাৰ বাবে মৰিয়াই মৰিয়াই হত্যা যুৱকক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us