আজি বন শ্বহীদ দিৱস

আজি বন শ্বহীদ দিৱস

author-image
asomiyapratidin
New Update
আজি বন শ্বহীদ দিৱস

ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি বন শ্বহীদ দিৱস৷ বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ বনকৰ্মী সকলৰ স্মৃতিত প্ৰতি বছৰে ১১ ছেপ্তেম্বৰ দিনটো বন শ্বহীদ দিৱস হিচাবে পালন কৰি অহা হৈছে ৷ আজিৰ এই প্ৰবিত্ৰ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আয়োজন কৰিছে বিশেষ কাৰ্যসূচীৰ৷

বন শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা কহঁৰা স্মৃতি উদ্যানত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ প্ৰথম বনশ্বহিদ বলোৰাম দত্তৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে প্ৰাণ ত্যাগ কৰা ৫৪ গৰাকী বনশ্বহিদ প্ৰতি সন্মান নিবেদন কৰি বন্তি প্ৰজ্বালন কৰে৷

অনুষ্ঠানত ২৫ গৰাকী বন শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানত উপস্থিত থকা বনশ্বহীদসকলৰ আত্মীয়সকলে তেওঁলোকক মনত কৰি আৱেগিক হৈ পৰে৷

kaziranga