/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/2d0e2a60-298f-4911-97b6-5b65c97ab25f/91624cfb-9e2a-4500-aa76-21f4229b0733.jpg)
ডিজিটেল সংবাদ,বোকাখাত : বিভিন্ন সংগঠনৰ প্ৰতিবাদক অংগুষ্ঠ দেখুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে তাজৰ গ্ৰুপৰ সতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ এদিনৰ পাছতেই নিজাববীয়া গোচৰ ৰুজু কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণে। ইফালে কাজিৰঙাত কোনো কাৰণতে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি লোকসভাত স্পষ্ট কৰিছে বন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে।
উল্লেখ্যযোগ্য যে কাজিৰঙাত থলুৱা আদিবাসী লোকৰ ভূমি বলপূৰ্বক হস্তগত কৰি, বন্যহস্তীৰ বিচৰণ ভূমিত অসম চৰকাৰৰ পৰ্যটন বিভাগে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যো-জা চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কেইবাটাও সংগঠনে।শেহতীয়াকৈ ৩১ জুলাইত এই লৈ থলুৱা আদিবাসী চাহ শ্ৰমিক আৰু আটচাই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ যাওঁতে বোকাখাত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱাৰ দৰে অমানুষিক কাৰ্য সংঘটিত হৈছিল।
তাৰ পাছতেই বোকাখাত আৰক্ষীৰ এই কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আটছাই। ইয়াৰ উপৰিও জীপাল কৃষক শ্ৰমিক সংঘই কাজিৰঙাৰ ইংলে পথাৰত পঞ্চতাৰকা হোটেল নিৰ্মানৰ লগে লগেই বন্যহস্তীৰ বিচৰণ ভূমি, থলুৱাৰ ভূমিৰ অধিকাৰ, কাজিৰঙাৰ পৰিৱেশ তন্ত্ৰৰ ওপৰলৈ ভাবুকি নামি আহিব বুলি ইয়াৰ বিৰোধিতা কৰি আহিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/bc33f856-54e7-46cd-bd95-5ad2f5cfe1e2/887c71de-d37f-49e4-b6c6-ea5ec928818f.jpg)
একেদৰেই প্ৰকৃতিপ্ৰেমী বুবুল শৰ্মা, অপূৰ্ববল্লৱ গোস্বামী, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, মুবিনা আখতাৰ, কৃষক নেতা প্ৰণৱ দলে আদিক প্ৰমুখ্য কৰি বহুজনে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণত পোনপটীয়া বিৰোধিতা কৰিছে। এই নিৰ্মাণে কেৱল থলুৱা জনগণৰ প্ৰতি অন্যায় কৰাই নহয়, জৈৱ-বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি স্পষ্ট কৰি দিছিল তেঁওলোকে ৷
ইয়াৰ পাছতেই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থা ICOMOSৰ ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ যোগেদি কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মানৰ প্ৰস্তাৱৰ প্ৰতি উদ্দিগ্নতা প্ৰকাশ কৰিছিল। ICOMOSৰ বিশেষজ্ঞ সদস্যই পৰ্যটন বিভাগৰ সঞ্চালক পদ্মপানি বৰাক সোঁৱৰাই দিছিল ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য অক্ষুন্ন ৰাখি কাজিৰঙাত পৰ্যটকৰ উপস্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব।
লগতে সোঁৱৰাই দিছিল জৈৱ বৈচিত্ৰ সংৰক্ষণত লবলগীয়া গুৰুত্ব আৰু স্থানীয় বাসিন্দাৰ মতামত লৈহে পৰ্যটনৰ বিকাশৰ সিদ্ধান্ত লোৱাৰ বিষয়ে। আৰু তাৰ পাছতেই প্ৰস্তাৱিত পঞ্চতাৰকা হোটেলে কাজিৰঙাত পৰ্যটকৰ বহন ক্ষমতা , বন্যপ্ৰাণীৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ , স্থানীয় লোকৰ অংশগ্ৰহন আৰু কাজিৰঙা সাপেক্ষে বহনক্ষম নিৰ্মানৰ প্ৰভাৱৰ ওপৰত পৰ্যটন সঞ্চালকৰ পৰা উত্তৰ বিচাৰিছিল ICOMOSয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/242e032a-12b6-4503-8adc-9f330d24fd0d/c695220a-3990-46ef-bea4-012624ce1c4c.jpg)
কিন্তু, লক্ষণীয়ভাৱে সেই সমগ্ৰ প্ৰতিবাদ, ইউনেস্ক’ৰ পৰামৰ্শদাতা সংস্থাৰ পত্ৰলৈ বুঢ়া আঙুলি দেখুৱাই যোৱা ৩ আগষ্টত তাজ গ্ৰুপৰ স’তে ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ কিন্তু, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদী ৰাইজ আৰু বিভিন্ন সংগঠনৰ দাবীক গুৰুত্ব নিদিলেও মঙলবাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণে সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি ১০৪৯/২০২৪ নম্বৰৰ এক নিজাববীয়া গোচৰ ৰুজু কৰিছে ৷
ইয়াৰ পাছতেই কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ সুৰক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো এটা ঐতিহাসিক দিন হৈ ৰ’ব বুলি মত প্ৰকাশ কৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণে। সংগঠনটোৱে নিজাববীয়া গোচৰ তৰাৰ সিদ্ধান্তক আদৰণি জনায় জীপাল কৃষক-শ্ৰমিক সংঘই ৷
সংগঠনটোৰ উপদেষ্টা সোণেশ্বৰ নৰহে এক বিবৃতিযোগে কয় যে জৈৱ-বৈচিত্ৰ ধ্বংস কৰি কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কু-অভিসন্ধিক নিঃশেষ কৰাৰ বাবে আজি আদালতে এক নতুন মাত্ৰা প্ৰদান কৰে ৷ বিভিন্ন প্ৰকৃতিপ্ৰেমীৰ সহযোগত জীপালে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যোগেদি কাজিৰঙাৰ জৈৱতন্ত্ৰৰ সুৰক্ষাৰ বিষয়টো তুলি ধৰাৰ পাছত আজি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো সমগ্ৰ জাতিটোৰ বাবেই মংগলজনক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/8d99c2a4-dee8-4115-a05d-930924abcc75/9c9ae014-8a09-4fad-9cda-9f19743d57e7.jpg)
এই সন্দৰ্ভত জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে কয় যে আমাৰ পূৰ্বপুৰুষৰ ত্যাগৰ বিনিময়ত কাজিৰঙাই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে। কিন্তু, সেই মৰ্যাদা নাইকিয়া কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কোম্পানীয়ে উঠিপৰি লাগিছিল ৷
ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থতেই হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যে উঠিপৰি লাগিছিল সেয়া সৰ্বজনবিদিত বুলিও জীপালে বিবৃতিত উল্লেখ কৰে ৷ ‘হাতী থাকিলেহে মাটি থাকিব, মাটি থাকিলেহে জাতি থাকিব’ বুলি উল্লেখ কৰি জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে স্পষ্টকৈ কয় যে নিজৰ মুনাফাৰ বাবে জাতিক বিপদত পেলাই বণিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পৰা বিৰত থাকক মুখ্যমন্ত্ৰীয়ে ৷ ইপিনে, আজি লোকসভাত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী (ৰাজ্যিক)গৰাকীয়ে কাজিৰঙাৰ সুৰক্ষাৰ বাবে লোৱা সবল ভূমিকাক আদৰণি জনাই জীপালে ৷
Also Read: মণিপুৰত নিষিদ্ধ সংগঠনৰ পাঁচ উগ্ৰপন্থীসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ