/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e65dedd4-7ad2-42e3-a3c8-4fe5aaebcd4b/106.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : দেৱালীৰ নিশা গোলাঘাটৰ আঠাবাৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। জুই জাহ গ'ল ৩টা বাসগৃহ আৰু এখন ব্যৱসায়িক প্ৰতিষ্ঠান।সামান্য ক্ষতিগ্ৰস্ত হৈছে আন এখন দোকান।
বিজিত পাল,ৰিংকু পাল আৰু নাৰায়ণী দাস নামৰ তিনি ব্যক্তিৰ ঘৰ ভস্মীভূত হয়। বোম-ফটকাৰ ফিৰিঙতি ছিটিকি অগ্নিকাণ্ড হোৱাৰ সন্দেহ ৰাইজৰ। অগ্নিকাণ্ডৰ ফলত জাহ গ'ল কেইবা লাখ টকাৰ সা-সামগ্ৰী।
ঘটনাস্থলীত গোলাঘাটৰ পৰা অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও দূৰত্ব অধিক হোৱাৰ বাবে আহি পাওতে পোৱা পলম হয়। ফলত জুইয়ে আৱৰি ধৰে বাসগৃহ কেইটা।আনহাতে অতিশীঘ্ৰে কমাৰবন্ধা অঞ্চলত অগ্নিনিৰ্বাপক বাহিনীৰ এটা উপ-কেন্দ্ৰ স্থাপনৰ দাবী ৰাইজৰ। অৱশ্যে ৰাইজৰ সহযোগীতাত অগ্নিনিৰ্বাপক বাহিনীয়ে অৱশেষত জুই নুমুৱাবলৈ সক্ষম হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us