/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/44ddffe8-47b8-4ac2-915d-f57b1b64ad8d/d.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : গোলাঘাট জিলাৰ ইতিহাসপ্ৰসিদ্ধ মৰঙিৰ ৩ নং পোৰাজংঘল জামাতৰ উদ্যোগত বিশ্ব শান্তিৰ উদ্দেশ্যে দিনজোৰা কাৰ্যসুচীৰে দ্বীনি জালছা সমাৰোহ অনুষ্ঠিত হয় ৷ বিশেষকৈ মানৱতা বাদী চিন্তাধাৰাৰ ওপৰত আলোচনা কৰাৰ লগতে ধৰ্ম , জাত - পাত, সাম্প্ৰদায়িক মতভেদৰ উৰ্দ্ধত থাকি মানুহৰ বাবে মানুহে চিন্তা কৰি সৎ পথ আৰু সৎ চিন্তাৰ উদ্দেশ্যি সমাজৰ মাজত গীতা , কোৰান, বাইবেলৰ মহৎ বাণী সমুহ বিলাই দিয়াৰ উদ্দেশ্যে এই জালছাৰ আয়োজন কৰে ৷ জাতি ধৰ্ম - বৰ্ণ নিৰ্বিশেষে হাজাৰ হাজাৰ লোক অনুষ্ঠানত উপস্থিত থাকে ৷
পুৱা ৭ বজাৰ পকা আৰম্ভ হোৱা কাৰ্যসূচীৰ তিলাৱত কৰে হাফিজ ৱাজেদ আহমেদে ৷ মৌলানা মুবাৰক আলিয়ে আৰম্ভণি দোৱা কৰাৰ পিছতে আলহাজ হজৰত মৌলানা আব্দুল গাফফাৰ মুজাহিৰিৰ সঞ্চালনাত সভা উদ্বোধন কৰে মৌলানা আয়্যোবুৰ ৰহমানে ৷
হাফিজ নুৰুল আমিণ আহমেদে পৰিচালনা কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে নলবাৰীৰ মুহতমীম আল আমীন এতীম খানাৰ আলহাজ হজৰত মৌলানা ক্কাৰী আব্দুল্লাই তত্ব গধুৰ বক্তব্যই উপস্থিত ৰাইজক আকৰ্ষিত কৰে ৷ বিশিষ্ট অতিথি হিচাপে শিক্ষক , লিখক জিতেন কুমাৰ হাজৰিকা আৰু মৰঙি প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াই বক্তব্য ৰাখে ৷ সভাত গোলাঘাট জিলাৰ লগতে মৰঙিৰ ভিন্ন প্ৰান্তৰৰ বিশিষ্ট ব্যক্তি তথা সমাজকৰ্মী উপস্থিত থাকে ৷
আৰু পঢ়ক: বিপিএফৰ শাসনকালত ১৯০০কোটিৰ কেলেংকাৰী! প্ৰতিক্ৰিয়া প্ৰকাশ দেৰহাছাৎ বসুমতাৰীৰ