বৰপথাৰত প্ৰায় ৯২ টকাৰ ড্ৰাগছ জব্দ

বৰপথাৰত প্ৰায় ৯২ টকাৰ ড্ৰাগছ জব্দ

author-image
Asomiya Pratidin
New Update
বৰপথাৰত প্ৰায় ৯২ টকাৰ ড্ৰাগছ জব্দ

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্যৰ বুধবাৰে পুৱা কাৰ্বি আংলং আৰক্ষীৰ সৈতে যৌথভাৱে অভিযান চলাই বৰপথাৰ আৰক্ষী থানাৰ (কাৰ্বি আংলং)ৰ অন্তৰ্গত খকৰাজান চেক পোষ্টত এখন মহিন্দ্ৰা এক্স ইউ ভি ৫০০ বাহন পৰা বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

Advertisment

জানিব পৰা অনুসৰি এএচ-০১বিডি/২৩১৪ নম্বৰৰ গাড়ীখনৰ অতিৰিক্ত চকাৰ ভিতৰত লুকুৱাই অনা মুঠ ১.৮৫০ কিলোগ্ৰাম সন্দেহযুক্ত মৰ্ফিন উদ্ধাৰ হয়। আটক কৰা ব্যক্তি দুজন হৈছে ডিমাপুৰৰ আকুম চাং (৫৯ বছৰ) আৰু খটখটীৰ অংবৌ চাং (৪৫ বছৰ)।

গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ), লগতে বোকাজানৰ এছ ডি পি অ’, গোলাঘাটৰ , অ’ চি আৰু বৰপথাৰ থানাৰ অচিসহ এটা আৰক্ষীৰ দলে এই অভিযান চলায়। জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৯২ টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

Also Read: খেল পথাৰত দুৰ্দান্ত ৰূপ ধাৰণ কৰা ৰোহিতৰ আন এক অভিলেখ...

drugs peddler drugs seized