/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/283b1891-31a3-4b7e-a350-fa305a0d6153/KAZIRANGA_29.jpg)
কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক হিচাপে ড০ সোণালী ঘোষক নিযুক্তি...
ডিজিটেল সংবাদ কাজিৰঙাঃ প্ৰথমবাৰৰ বাবে কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰা হ'ল এগৰাকী মহিলা বিষয়াক। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰৱৰ্তী ক্ষেত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ড০ সোণালী ঘোষক।
ভাৰতীয় বন সেৱাৰ এইগৰাকী বিষয়াই অহা ৩১ আগষ্টৰ পাছত কাজিৰঙাৰ দায়িত্ব গ্ৰহণ কৰিব। উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বৰ্তমানৰ ক্ষেত্ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ভাৰতীয় বন সেৱাৰ বিষয়া যতীন্দ্ৰ শৰ্মাই।
তেওঁ ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/652a20d2-80c9-4146-bc4d-fb7583901349/6f4ba5a3_15c9_464c_9bbc_ebeba5795924.jpg)