/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1e945ed3-f8d8-45b3-876a-2a8551e6e82d/6bb2c613-f770-4d8f-92b5-f5fb929c5ad6.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে দেওবাৰে গোলাঘাট জিলাতো গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজন কৰা এই কাৰ্য্যসূচীত গোলাঘাট জিলাৰ বিশিষ্ট সমাজকৰ্মী ক্ষীৰেদ কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0b8bb40d-711a-449e-9dce-20b5fcd6d9b2/7b0a3ea7-0820-4931-98b3-5e7ee385b391.jpg)
জিলাখনৰ বিশিষ্ট নাগৰিক তথা সমাজকৰ্মী দিনেশ গগৈয়ে আজিৰ অনুষ্ঠানটোৰ মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে দেশভক্তগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰা হয়।
সভাত গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সুজাতা গগৈয়ে আদৰণি ভাষণ আগবঢ়াই আৰু আজিৰ বিশেষ দিনটোৰ তাৎপৰ্য্য বাখ্যা কৰে। ইয়াৰ পিছতে মুখ্য অতিথি ক্ষীৰেদ কুমাৰ গেস্বামীয়ে বিশিষ্ট ব্যক্তি আৰু অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি দেশভক্ত তৰুণৰাম ফুকনৰ বৰ্ণাঢ্য কৰ্মময় জীৱনৰ বিষয়ে আলোকপাত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d3eace9b-0bc5-4731-811c-88a3f5f9d321/311e9d21-86b6-4b42-88c2-a735492271d9.jpg)
মুখ্য বক্তা দিনেশ গগৈয়ে তেঁওৰ ভাষণত দেশভক্তগৰাকীৰ দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকাৰ বিষয়ে জনোৱাৰ লগতে তেওৰ বিশাল ব্যক্তিত্বৰ বহুকেইতা দিশৰ বিষয়ে অৱলোকণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c7e6e3c0-3bb7-4d13-a5d0-48074df92599/94b49869-a507-4242-b327-4dc4b90e30c2.jpg)
দেশভক্তি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ তিনিটা শাখাৰ জিলা ভিত্তিক বিজয়ী সকলকো আজিৰ সভাত পুৰস্কৃত কৰা হয়। উল্লেখযোগ্য যে উক্ত বিজয়ীসকলৰ মাজৰ পৰা ‘ক’ শাখাৰ প্ৰথম স্থান প্ৰাপ্ত সুধাংশু শ্রেয়ম হাজৰিকাই ৰাজ্যিক ভিত্তিত নিজ শাখাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে ‘খ’ শাখাৰ প্ৰখম স্থান প্ৰাপ্ত সম্পূজ্য প্ৰকাশ শইকীয়াই ৰাজ্যিক ভিত্তিত অসমীয়া ভাষাৰ শাখাত বিশেষ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5b6faed3-bc06-4350-b03d-ff7ab3a2723e/c9684f89-c039-47dd-a888-5925452108a5.jpg)
আজিৰ এই অনুষ্ঠানত গোলাঘাট জিলাৰ প্ৰশাসনিক বিষয়া, জিলাখনৰ বিভাগীয় বিষয়া, কৰ্মচাৰী, বহুকেইজন প্ৰবক্তা, গণ্যমান্য ব্যক্তি, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে অংশগ্ৰহণ কৰে। সভাৰ শেষত সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰে দেশভক্তৰ জীৱনৰ আদৰ্শক অনুসৰণ কৰি নৱপ্ৰজন্মক দেশৰ প্ৰতি নিজ নিজ দায়িত্ব পালন কৰি যাব লাগে বুলি উল্লেখ কৰি উপস্থিত সকলোৰে প্ৰতি শলাগৰ শৰাই আগবঢ়ায়।
Also Read: জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা